নগাঁও জিলাৰ ধিঙৰ পৰা প্ৰকাশ পোৱা “মৌ-মাত” নামৰ দ্বি-মাসিক শিশু আলোচনীখনে পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰি ইতিমধ্যে তৃতীয় সংখ্যা অতিক্ৰম কৰিলে। “মৌ-মাত”ৰ চতুৰ্থ সংখ্যাটো চলিত বৰ্ষৰ আগন্তুক অক্টোবৰ-নৱেম্বৰত প্ৰকাশ পাব শাৰদীয় দুৰ্গা পূজাৰ বিশেষ সংখ্যা হিচাপে । এই বিশেষ সংখ্যাটিৰ বাবে শিশুসকলৰ লগতে ইচ্ছুক লেখক- লেখিকাসকলৰ পৰা শিশু উপযোগী গল্প,সাধু,কবিতা,প্ৰবন্ধ, ছবি,সাঁথৰ,স্বাস্থ্য,শিক্ষা,মহৎ লোকৰ জীৱনী,ভ্ৰমণ কাহিনী, ক্ৰীড়া,সাংস্কৃতিক,কুইজ,দেৱী দুর্গাৰ বিষয় ইত্যাদি লেখাসমূহ “মৌ-মাত”ৰ ই-মেইল যোগেদি প্ৰেৰণ কৰিবলৈ সম্পাদক বন্দনা নাথ ঠাকুৰীয়াই আহ্বান জনাইছে ।
অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলেও লেখা প্ৰেৰণ কৰিব পাৰিব । উল্লেখ্য যে “মৌ-মাত”লৈ লেখাসমূহ ৫ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব । বেটুপাতৰ বাবে ইচ্ছুক শিশুসকলে অনতিপলমে যোগাযোগ কৰিব লাগিব । বছৰেকীয়া গ্ৰাহক হ’বলৈ বিচৰা সকলে সম্পূৰ্ণ ঠিকনা লিখি প্ৰেৰণ কৰিব লাগিব আৰু প্ৰথম সংখ্যাৰ পৰা আটাইকেইখন আলোচনী ডাক যোগে পঠিওৱা হ’ব । পূজাৰ সংখ্যাটিত শিশুসকলৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে দেৱী দুৰ্গাৰ ৰঙীণ ছবি একোখন আঁকি “মৌ-মাত”লৈ ৫ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। প্ৰতিখন ছবি পূজাৰ সংখ্যাত প্ৰকাশ কৰাৰ লগতে প্ৰথম,দ্বিতীয় আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক “মৌ-মাত”ৰ প্ৰথম বাৰ্ষিক অধিৱেশনত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব। লেখাসমূহ moumat22@gmail. com আৰু 6000168183 হোৱাটচ এপ নম্বৰত প্ৰেৰণ কৰিব লাগিব ।