মুক্তিৰ পূর্বৰে পৰা বিতর্কৰ আৱর্তত সোমাই পৰিছিল যতীন বৰাৰ নৱতম ছবি ৰাঘৱ ৷ “কা” আন্দোলনৰ সময়ত যতীন বৰাই লোৱা ভূমিকাৰ বাবে ৰাঘৱ নাচাবলৈ সামাজিক মাধ্যমত বিভিন্নজনে আহ্বান জনাইছিল ৷ একাংশই ৰাঘৱক লৈ আৰম্ভ কৰিছিল ট্ৰ’ল ৷ যাৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ছবিখনৰ ব্যৱসায়ত ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাঘৱ ছবিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে গোচৰ তৰিলে যতীন বৰাৰ পত্নী তথা ছবিখনৰ প্ৰযোজক নৱনীতা বৰাই ৷
তথ্য প্ৰযুক্তি আইনকে ধৰি বিভিন্ন আইনৰ ধাৰাৰ অধীনত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে ৷ ইতিমধ্যে গোচৰৰ ভিত্তিত ধীৰু গগৈ নামৰ এজন লোকক সোধা পোচা কৰা বুলি জানিব পৰা গৈছে ৷ তদুপৰি সামাজিক মাধ্যমত ছবিখনক ট্ৰ’ল বা অপপ্ৰচাৰ কৰা আন লোকসকলৰ সন্ধান ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে ৷
গুৱাহাটীৰ চাইবাৰ থানাত ট্ৰ’ল কৰাসকলৰ বিৰুদ্ধে ১৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰিছে। ইতিমধ্যে থানালৈ বহুতকে তলব কৰা হ’ব। ‘ৰাঘৱ’ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা লোকক আৰক্ষীয়ে তলব কৰিব বুলি জানিব পৰা গৈছে।