গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী হাইস্কুলত কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ সহযোগত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ আৰু কামৰূপ (ম)জিলা আইন সেৱা প্ৰাধিকৰণে ২৬ নৱেম্বৰত সংবিধান দিৱসৰ আয়োজন কৰে।উক্ত অনুষ্ঠানত
চাতুৰ্য তালুকদাৰ, কামৰূপ (ম)জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব, আৰুচী শ্ৰাৱন, অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী আৰু ববিতা শইকীয়া -ৰাজ্যিক সমন্বয়ক, বচপন বচাও আন্দোলন কে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। সংবিধানৰ প্ৰস্তাৱনা পাঠৰ লগতে ছাত্ৰসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।