এক অগতানুগতিক পৰিৱেশত নগাঁৱত সোমবাৰে বিয়লি আনুষ্ঠানিকভাৱে উন্মোচিত হ’ল এখনি গ্ৰন্থ । কেৱল গ্ৰন্থ উন্মোচনেই নহয়,কেক কাটি জন্মদিনো উদযাপন কৰা হয় এখন চিকিৎসালয়ত । নগাঁও চহৰস্থিত “আৰোগ্য ক্লিনিক” নামৰ বেচৰকাৰী খণ্ডৰ চিকিৎসালয়খনতে বিয়লি আয়োজিত এক অনুষ্ঠানতে নগাঁৱৰ পৰা প্ৰকাশিত “সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদক, বিশিষ্ট লেখক,অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰাৰ ৬৭ সংখ্যক ওপজা দিনটো পালন কৰাৰ লগতে জন্মদিনৰ দিনটোতে তেওঁৰ পঞ্চমখন প্ৰকাশিত গ্ৰন্থ তথা “স্বপ্নভঙ্গ” নামৰ গল্প সংকলনখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।
গ্রন্থখনি উন্মোচন কৰে “কলংপাৰ” কাকতৰ পৰিচালন সঞ্চালক,বিশিষ্ট সমাজকৰ্মী বল্লদেৱ শৰ্মাই । উন্মোচনী ভাষণত শৰ্মাই লেখক ভবেন বৰাৰ কৰ্মৰাজি সম্পৰ্কত ব্যাখ্যা কৰে । সাংবাদিক জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানত “কলংপাৰ”ৰ কাৰ্যবাহী সম্পাদক,বিশিষ্ট নাট্যশিল্পী পুণ্যদা বৰা,উপ সম্পাদক পূৰবী চক্ৰৱৰ্তী সূত,”আৰোগ্য ক্লিনিক”ৰ পৰিচালন সঞ্চালকদ্বয় ডাঃ মন মোহন শৰ্মা,ডাঃ অৰুণা গোঁহাই আদিয়ে বক্তব্য আগবঢ়ায়।উল্লেখ্য যে লেখক ভবেন বৰাৰ পত্নী তথা প্ৰকাশিত গ্ৰন্থখনিৰ বেটুপাত পৰিকল্পনাকাৰী ৰেণু বৰা গ্ৰন্থখনি প্ৰকাশৰ ক্ষেত্ৰত খুবেই উৎসাহী আছিল কিন্তু তেওঁ বৰ্তমান উল্লিখিত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকাৰ লগতে আনুষংগিক কাৰণত উক্ত অনুষ্ঠানটি চিকিৎসক, চিকিৎসাকৰ্মীসকলৰ উপস্থিতিত এনেদৰে অনুষ্ঠিত কৰা হয় ।
ভাষণ প্ৰসংগত লেখক ভবেন বৰাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে গ্ৰন্থখনি প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ সহধৰ্মিনীৰ বহু অৱদান আছে আৰু সহধৰ্মিনীৰ ইচ্ছা পূৰণৰ লগতে সুবিধাজনক স্থান হিচাপে এনেদৰে অনুষ্ঠানটি আয়োজন কৰিবলৈ পাই সুখী বুলি মন্তব্য কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শুভাকাংক্ষীসকলে ভবেন বৰাক জন্মদিনৰ ওলগ জনায় ।