অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আঁচনিসমূহৰ সন্দৰ্ভত চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী দ্বীপেন বৰুৱাই যুগুত কৰা “জনকল্যাণকামী আঁচনি আৰু জনসাধাৰণৰ প্ৰত্যাশা” শীৰ্ষক গ্ৰন্থখনি যোৱা ৩০ ছেপ্তেম্বৰত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত উন্মোচিত কৰা হয় । ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ উপলক্ষে আয়োজিত জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠানতেই গ্ৰন্থখনি উন্মোচন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু সহকাৰী আয়ুক্তদ্বয় ক্ৰমে জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়ে ।
গ্ৰন্থখনি উন্মোচন কৰি নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী মহনে কয় যে-চৰকাৰী প্ৰতিটো বিভাগৰ আঁচনিসমূহৰ লাভালাভ জনসাধাৰণে লাভ কৰিব লাগে । ইয়াৰ কাৰণে বিভাগীয় প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীয়ে দায়বদ্ধতাৰে কাম কৰিব লাগিব ।
গ্ৰন্থখনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি বিধায়ক কোঁৱৰে কয় যে-গ্ৰন্থখনিয়ে সৰ্বসাধাৰণ ৰাইজক বিভাগীয় আঁচনিসমূহৰ বিষয়ে বিতংভাৱে জনাত সহায় কৰিব ।
বিভাগীয় মুঠ আঠটা আঁচনিৰ পৰ্যালোচনা সম্বলিত গ্ৰন্থখনি প্ৰকাশ কৰিছে গুৱাহাটীৰ এক অভিজাত প্ৰকাশন গোষ্ঠী পূৰ্বায়ণ প্ৰকাশনে । গ্ৰন্থখনিৰ মূল্য ৫৫/- টকা নিৰ্ধাৰণ কৰিছে ।