গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ ভাৰত আঞ্চলিক গ্ৰামীন বেংক কৰ্মচাৰীৰ সন্থাৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক অধিৱেশখন ১১-১২ ডিচেম্বৰত অনুষ্ঠিত হব।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনত দেশৰ ৪৩টাকৈ আঞ্চলিক গ্ৰামীন বিকাশ বেংকৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব।
কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা অধিৱেশনত ৰাষ্ট্ৰীয় গ্ৰামীন বেংক গঠন, উদ্যোগতা বেংকক আঞ্চলিক গ্ৰামীন বেংকৰ পৰা পৃথকীকৰণ, উন্নত প্ৰযুক্তিৰে গ্ৰামীন বেংকসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সু-ব্যৱস্থা গ্ৰহণ আদি দিশসমূহ অধিৱেশনত আলোচনা কৰা হ’ব।বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে সন্থা সচিব এচ. ভেংকটেশ্বৰ ৰেড্ডীয়ে।
উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীন বিকাশ বেংক বিষয়া-কৰ্মচাৰীৰ সন্থাৰ সহযোগত অনুষ্ঠিত হ’ব এই অধিৱেশনখন।
সংবাদমেলত অসম গ্ৰামীন বিকাশ বেংক বিষয়া সন্থা সাধাৰণ সম্পাদক জীৱেশ চক্ৰৱৰ্তী প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।