ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নৰ ধৰ্মঘট আহ্বানত সমগ্ৰ দেশত দুটা দিনৰ বাবে ব্যাহত হ’ব বেংক সেৱা।১৬-১৭ ডিচেম্বৰত দুই দিনীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত ধৰ্মঘট পালন কৰিব বেংক বিষয়া কৰ্মচাৰীসকলে।দেশৰ সমান্তৰাল ভাৱে অসমতো দুটা দিন বেংক সেৱা বন্ধ ৰখাৰ কথা শুকুৰবাৰে ঘোষণা এ.পি.বি.ই.এ সাধাৰণ সম্পাদক দিলীপ কুমাৰ শৰ্মাই।
উল্লেখ্য চলিত সংসদৰ শীতকালীন অধিৱেশনত বেংকিং আইন সংশোধনী বিধেয়ক-২০২১ উত্থাপন আৰু গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধিতা কৰি ধৰ্মঘট পালন কৰিব বেংক কৰ্মচাৰী সকলে।