দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পুণৰ আৰম্ভ হৈছে শৈল অস্ত্ৰোপচাৰ । ইতিমধ্যে চিকিৎসালয়খনৰ অভিজ্ঞ শৈল চিকিৎসক ডাঃ পিকিলি হাজৰিকাই সম্পন্ন কৰে ১১ টা কৈ জটিল অস্ত্ৰোপচাৰ । গোল-ব্লাডাৰ, হাৰনিয়া, এপেণ্ডিকচ্ ৰোগত ভুগি থকা ছয়গৰাকীকৈ ৰোগীৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ হাজৰিকাই ।
চিকিৎসালয়খনৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে নাৰ্চ আৰু কৰ্মচাৰী সকলৰ সহযোগীতাত অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হয় বুলি সদৰী কৰে চিকিৎসক হাজৰিকাই । আনহাতে চিকিৎসকগৰাকীৰ এই প্ৰয়াসৰ শলাগ লৈছে ৰোগীসকলে ।দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ অহা ৰোগীসকলে আৰোগ্য লাভ কৰাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ সা-সুবিধা চৰকাৰী চিকিৎসালয়তে লাভ কৰাত যথেষ্ঠ উপকৃত হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।