হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা মাৰ্চৰ তৃতীয় অথবা চতুৰ্থ সপ্তাহৰ পৰা অনুষ্ঠিত কৰাৰ ইংগিত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ।বৃহস্পতিবাৰে শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়- এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পৰীক্ষা শেষ কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ।মন্ত্ৰী পেগুৱে ইংগিত প্ৰদান কৰি কয়- ১৫ মাৰ্চৰ পৰাই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
গুৰুত্বপূৰ্ণ কথা যে কৰ’না ভেকচিন ১৫-১৮বছৰ বয়সলৈ ৩ জানুৱাৰীৰ পৰা প্ৰদানৰ প্ৰক্ৰিয়া ৰাজ্যত আৰম্ভ হব ।ভেকচিন প্ৰদান সফল কৰাৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকৰ সৈতে এখন বৈঠকত মিলিত হৈছিল পেগু।এই বৈঠকত বিদ্যালয়ে বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক ভেকচিন প্ৰদানৰ বিষয়ত আলোচনা কৰা হয়।
মন্ত্ৰী পেগুৱে জানিবলৈ দিয়া মতে-
৩ জানুৱাৰীৰ পৰা প্রতিখন জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয়ক ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱা হব।পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান প্ৰক্রিয়া সম্পন্ন কৰাৰ লক্ষ্য।