আজি ছাত্র-ছাত্ৰীৰ মাজত গণিতৰ প্ৰচাৰ -প্ৰসাৰ বৃদ্ধি লক্ষ্যৰে আৰম্ভ কৰা ৰামানুজন অমৃত ভাৰত গণিত যাত্ৰা-২০২১ উপস্থিত হয় গুৱাহাটীত। ২ অক্টোবৰৰ গান্ধী জয়ন্তী দিনা গুজৰাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা অহা ২২ডিচেম্বৰত ত্ৰিপুৰাত সমাপ্ত হ’ব।ৰাষ্ট্ৰীয় গণিত দিৱসৰ দিনা সমাপ্ত হ’ব লগা যাত্ৰাৰ প্ৰাক মুহূৰ্তত শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰে মুখা মুখী হয় গণিতজ্ঞ ডঃ চন্দ্ৰমুলী যোশী, মেহুল কুমাৰ চৰকাৰ প্ৰমুখ্যে যাত্ৰাত অংশগ্ৰহণকাৰীসকল।
উল্লেখ্য ছাত্ৰ ছাত্ৰীৰ মাজত গণিত বিজ্ঞান জনপ্ৰিয় কৰা লক্ষ্যৰে ২৫ খন ৰাজ্য সামৰি লৈছে যাত্ৰাই।
অসমত ১৮ ডিচেম্বৰলৈ থাকিব এই যাত্ৰা।