দেশত বৃদ্ধি পাইয়ে আছে ক’ভিডৰ সংক্ৰমন ৷ ২১৪ দিনৰ বিৰতিৰ মূৰত দেশত শুকুৰবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১ লাখৰ ঘৰ ৷ বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১,১৭,১০০ জন লোক ৷ দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই ১০,০০০ ৰ ঘৰ অতিক্ৰম কৰাৰ ১০ দিন পাছতে ১ লাখৰো অধিক লোক সংক্ৰমিত হৈছে ৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ৬ জুনত দেশত ক’ভিডৰ সংক্ৰমনৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্ৰম কৰিছিল ৷ ইয়াৰ লগে লগে ভাৰতৰ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৩,৫২,২৬,৩৮৬ লৈ বৃদ্ধি হৈছে ৷ ইপিনে, ২৭ খন ৰাজ্যত সংক্ৰমন ঘটিছে অমিক্ৰনৰ ৷ দেশত মুঠ ৩,০০৭ জন লোক অমিক্ৰনত সংক্ৰমিত হৈছে ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন অৰু দিল্লীত ৪৬৫ জন লোক অমিক্ৰনত আক্ৰান্ত হৈছে।
তদুপৰি মহাৰাষ্ট্ৰত সর্বাধিক ৩৬,২৬৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ইয়াৰ ভিতৰত কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ২০,১৮১ জন । সেয়েহে মুম্বাইত ঘোষণা কৰা হ’ব পাৰে লকডাউন ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই মুম্বাইত লকডাউনৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে ।আনহাতে দিল্লীত ২৪ ঘণ্টাত ১৫০০০ ৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ দিল্লীত এদিনতে ৪১.৫ শতাংশ ক’ভিড বৃদ্ধি পাইছে । পজিটিভিটিৰ হাৰে ১৫ শতাংশ অতিক্ৰম কৰিছে।দিল্লী আৰু মুম্বাইৰ উপৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কলকাতা, চেন্নাই আৰু বেংগালুৰুত হোৱা সংক্ৰমন বৃদ্ধিত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৩০২ জন লোকৰ মৃত্যু হৈছে।