VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিমাতীঘাটৰ কৰুণ ঘটনাৰ তিনি খলনায়কক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনঃলাভ কৰা নাই যাত্ৰীৰ সঠিক সংখ্যা আৰু ঠিকনা

voicedesk by voicedesk
September 9, 2021
in মুখ্য সংবাদ, সমাজ
নিমাতীঘাটৰ কৰুণ ঘটনাৰ তিনি খলনায়কক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনঃলাভ কৰা নাই যাত্ৰীৰ সঠিক সংখ্যা আৰু ঠিকনা
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে বিয়লি ৪ বজাত মাজুলীৰ ভৰ লুইতৰ বুকুক সংঘটিত হোৱা কৰুণ নাও দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তিনিজনকৈ অভিযন্তাক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

সেই অনুসৰি জল পৰিবহন বিভাগৰ ডিব্ৰুগড় মণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, যোৰহাট মণ্ডলৰ ভাৰপ্ৰাপ্ত সহকাৰী অভিযন্তা মুকুট গগৈ, কণিষ্ঠ অভিযন্তা ৰাতুল তামূলীক চাকৰিৰ পৰা নিলম্বন কৰিছে।

উল্লেখ যোগ্য যে নিলম্বন হোৱা ডিব্ৰুগড় মণ্ডলৰ বিক্ৰমাদিত্য চৌধুৰী ২০১৮ বৰ্ষৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ানক নাও দুৰ্ঘটনাৰ আঁৰৰো  খলনায়ক আছিল। সেই সময়তো জল দপ্তৰ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে  কৰ্তব্যত কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে নিলম্বন কৰিছিল অভিযন্তাজনক।

যদিও পৰৱৰ্তী সময়ত পুনৰ এই দায়িত্বজ্ঞানহীন বিষয়া জনক জল পৰিবহন বিভাগৰ ডিব্ৰুগড় মণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব দিছিল।

তিনি বছৰ পূৰ্বে সংঘটিত হোৱা এই নাও দুৰ্ঘটনাতো ৪০ জনৰো অধিক যাত্ৰী ডুব গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত।তিনি বছৰে কৰ্তব্যত কৰা গাফিলতিৰ বাবে পুনৰ দ্বিতীয় বাৰলৈ এই খলনায়ক জন নিলম্বন হ’বলগীয়া হোৱা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

যিহেতু উত্তৰ গুৱাহাটীৰ ঘটনাৰ দৰে যোৰহাটৰ নিমাতী ঘাটত দুৰ্ঘটনাত পতিত হোৱা ফেৰী খনৰো নাছিল প্ৰয়োজনীয় চৰকাৰী নথি-পত্ৰ।বিশেষকৈ যোগ্যতাৰ প্ৰমাণপত্ৰ, চালকৰ পঞ্জীয়ন, লাইফ জেকেট নথকাৰ বাবে যোৰহাটৰ এই ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ইফালে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ঘটনাৰ তদন্ততো পোহৰলৈ আহিছিল জল পৰিবহন বিভাগৰ অনুৰূপ গাফিলতি।ইয়াৰ পিছতো সেই একেজন বিষয়াক পুনৰ চাকৰিত যোগদানৰ সুবিধা দি ৰাজ্য চৰকাৰে মাজুলীৰ দুৰ্ঘটনাৰ সুযোগ দিয়া বুলিও চৰ্চা চলিছে। একেদৰে জল পৰিবহন বিভাগে বাৰম্বাৰ সাধাৰণ লোকৰ জীৱন বিপদাপন্ন কৰি দায়িত্বজ্ঞানহীন এজন বিষয়াক পুনৰ এক গুৰুত্বপূৰ্ণ পদবীত মকৰল কৰি ৰখাৰ আঁৰৰ ৰহস্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছে।

ইফালে এই ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে। সেইমৰ্মে পৰিবহণ সচিব যাদৱ শইকীয়াক এই দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে।

পৰিতাপৰ কথা যে,পূৰ্বৰ দৰে এই ঘটনাতো নাওখনৰ যাত্ৰীৰ সংখ্যা,যাত্ৰীৰ নাম-ঠিকনা আদি কোনো তথ্যই নাই জল পৰিবহণ বিভাগৰ হাতত।যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নাও খনত যাত্ৰা কৰা লোকৰ সঠিক সংখ্যা আৰু ঠিকনা লাভ কৰা নাই বিভাগটোৱে।

Previous Post

সামাজিক মাধ্যমত ১০০ মিলিয়নতকৈ অধিক অনুৰাগীঃ কিয় ইমান জনপ্ৰিয় এটা সাধাৰণ ফেক্টৰীত কাম কৰা লোকজন

Next Post

কৃষকৰ বাবে সুখবৰঃ কেন্দ্ৰই বৃদ্ধি কৰিছে ৰবিশস্যৰ নূন্যতম সহায়ক মূল্য

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
কৃষকৰ বাবে সুখবৰঃ কেন্দ্ৰই বৃদ্ধি কৰিছে ৰবিশস্যৰ নূন্যতম সহায়ক মূল্য

কৃষকৰ বাবে সুখবৰঃ কেন্দ্ৰই বৃদ্ধি কৰিছে ৰবিশস্যৰ নূন্যতম সহায়ক মূল্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7