সদৌ অসম উকীল সন্থাৰ প্ৰতিষ্ঠাপক সদস্য তথা সন্থাক এক গতিশীল ৰূপ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৰাজ্যৰ ন্যায়িক ক্ষেত্ৰখনৰ প্ৰবাদপ্ৰতিম অধিবক্তা পৰমানন্দ চৌধুৰীদেৱৰ স্মৃতিত নিৰ্মিত সদৌ অসম উকীল সন্থাৰ ‘পৰমানন্দ চৌধুৰী স্মাৰক প্ৰেক্ষাগৃহ’ৰ শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহান ব্যক্তিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদনৰ লগতে প্রেক্ষাগৃহ উদ্বোধনৰ গৌৰৱপূৰ্ণ মুহূৰ্তত প্রয়াত চৌধুৰীদেৱৰ সুপুত্র কমল নয়ন চৌধুৰী আৰু তেওৰ পৰিয়ালবৰ্গ, সদৌ অসম উকীল সন্থাৰ বিষয়ববীয়া তথা অধিবক্তাসকলক বিশেষভাৱে অভিনন্দন জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও বিশেষ ঘোষণা কৰে।
তেওঁ কয় -সদৌ অসম উকীল সন্থাই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। আমাৰ চৰকাৰৰ তৰফৰ পৰাও অধিবক্তাসকলৰ কল্যাণার্থে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্রয়াস কৰিছোঁ। অধিবক্তাসকলক চিকিৎসাজনিত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আমাৰ চৰকাৰে সদৌ অসম উকীল সন্থাৰ ন্যাসৰক্ষী মণ্ডলীক ১০ কোটি টকাৰ এটি কৰ্পাছ পুঁজি আগবঢ়াব। ‘আয়ুষ্মান ভাৰত’ৰ দৰে ৰাজ্যত আমি ‘আয়ুষ্মান অসম’ ৰ জৰিয়তে বছৰি ৫ লাখ টকাৰ ‘সাৰ্বজনীন বীমা আঁচনি’ৰ আৰম্ভ কৰিব বিচাৰিছোঁ, য’ত অধিবক্তাসকলকো সামৰি লোৱাৰ চিন্তা-চৰ্চা কৰা হৈছে।
অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যয়াধীশ আৰ এম চ্চায়া আৰু ন্যায়াধীশ শ্ৰী এন কোটেশ্বৰ সিং প্ৰমুখ্যে ন্যায়াধীশসকল,আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সদৌ অসম উকীল সন্থাৰ মাননীয় সভাপতি ডেভিদ লেজাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, প্ৰয়াত পৰমানন্দ চৌধুৰীৰ পৰিয়ালবৰ্গ, সদৌ অসম উকীল সন্থাৰ মাননীয় বিষয়ববীয়া তথা সন্মানীয় অধিবক্তাসকলকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।