জালনোটৰ ব্যৱসায় বন্ধ কৰিবলৈ সময়ে সময়ে আৰক্ষীয়ে অভিযান চলায় আহিছে ৷ এই অভিযানসমূহত জালনোট প্ৰস্তুত কৰা মেচিন জব্দ কৰা হৈছে ৷ তৎসত্বেও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে জালনোট সৰবৰাহ ৷ পুনৰ আৰক্ষীৰ জালত পৰিছে জালনোট সৰবৰাহকাৰী ৷
গুৱাহাটী মহানগৰীত সোমবাৰে জব্দ কৰা হৈছে ১০ লাখ টকাৰ জালনোট । লখৰাত গড়চুক আৰক্ষীয়ে জব্দ কৰিছে জালনোট ৷ ২০টা বান্দিলত বান্ধি অনা ১০ লাখ টকাৰ জালনোট মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে ।বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা দুই ব্যৱসায়ীয়ে জালনোটসমূহ লৈ আহিছিল ৷
জালনোট সৰবৰাহ কৰিবলৈ চেষ্টা কৰা ছৰিফুল ইছলাম আৰু ছাজাদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোকৰ পৰা মোবাইল আৰু ১০ খন ছিমকার্ড জব্দ কৰা হৈছে ৷