কৃষি ক্ষেত্ৰৰ উন্নয়নৰ আন এক অভিলেখ ৷ গোলাঘাট জিলাৰ পদুমপথাৰৰ কৃষকৰ আন এক সফলতা ৷ গাওঁখনৰ কৃষকে ডুবাইলৈ প্ৰেৰণ কৰিছে আদা ৷ ১০ মেট্ৰিকটন জৈৱিক আদা ডুবাইলৈ প্ৰেৰণ কৰিছে কৃষকসকলে ৷
এই সাফল্যৰ বাবে কৃষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ ছচিয়েল মিডিয়াত তেওঁ লিখিছে –“ বিভিন্ন ধৰণৰ ফল-মূল আৰু পাচলিৰ পাছত, আমি অসমৰ পৰা আন এক কৃষিজাত সামগ্ৰী বিশ্বৰ বজাৰত প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ। ডুবাইলৈ প্রেৰণ কৰা জৈৱিক আদাৰ সামগ্ৰীয়ে আমাৰ কৃষক বন্ধুসকলক ৫০% অধিক মূল্য লাভত সহায় কৰিছে। আমি আশা ৰাখিছোঁ, ২০২৬-২৭ বৰ্ষৰ ভিতৰত ১০,০০০ কোটি টকাৰ কৃষি আৰু থলুৱা নির্মিত সামগ্রী ৰপ্তানি কৰিবলৈ আমাৰ ৰাজ্য সক্ষম হ’ব।“
উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাজ্যৰ পৰা বিভিন্ন সামগ্ৰী বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰিছে ৷ ৰঙালাউ , নেমু, বৰা চাউল, ক’লা চাউল, লিচু আদিকে ধৰি অসমৰ বিভিন্ন সামগ্ৰীয়ে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে ৷