আইছিছৰ সর্বাধিনায়কক হত্যা কৰাৰ পাছতে এইবাৰ মার্কিন বাহিনীয়ে এইবাৰ আন এজন দুধর্ষ সন্ত্ৰাসবাদীৰ শিৰৰ ওপৰত ঘোষণা কৰিছে আর্থিক পুৰষ্কাৰ ৷ ছানাউল্লাহ ঘাফাৰী নামৰ সন্ত্ৰাসবাদীজনৰ সন্ধান দিওঁতাক ১০ নিযুত ডলাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰিব আমেৰিকাই ৷ ঘাফাৰী হৈছে আইছিছৰ আফগানিস্তানৰ আঞ্চলিক মুৰব্বী ৷ ২৬ আগষ্টত কাবুল বিমানবন্দৰত আক্ৰমন কৰিছিল ঘাৰাফীয়ে ৷ এই আক্ৰমণৰ ঘটনাত ১৩ জন আমেৰিকান সৈন্যসহ ১০০ ৰো অধিক লোক নিহত হৈছিল ৷ ৱাশ্বিংটনৰ মতে শ্বাহব আল-মুহাজিৰ নামেৰেও জনাজাত ছানাউল্লাহ ঘাফাৰীক ২০২০ চনৰ জুন মাহত আইছিছ-কেৰ মুৰব্বী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল ৷ মার্কিন বিদেশ বিভাগে এক বিবৃতিত কয় -“ঘাফাৰীয়ে সমগ্ৰ আফগানিস্তানত আইছিছ-কেৰ সকলো অভিযানৰ অনুমোদন দিয়াৰ লগতে অভিযান চলাবলৈ পুঁজিৰ ব্যৱস্থা কৰি আহিছে ৷ তেওঁক নৱেম্বৰত বিদেশী সন্ত্ৰাসবাদী হিচাপে ব্লেকলিষ্টেড কৰা হৈছিল।ঘাফাৰী হৈছে আল-কায়দাৰ প্ৰাক্তন কামাণ্ডাৰ ৷ তদুপৰি তেওঁ হাক্কানি নেটৱৰ্কৰ প্ৰাক্তন সদস্য ৷আফগানিস্তান আৰু পাকিস্তানৰ মছজিদ, মন্দিৰ, ৰাজহুৱা চৌহদ আৰু চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত জড়িত আছে ঘাফাৰী ৷