নেট আৰু নীট পৰীক্ষাক লৈ বিতৰ্কি অব্যাহত থকাৰ সময়তে কেন্দ্ৰই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । দেশৰ বিভিন্ন প্রৱেশ আৰু প্রতিযোগিতামূলক পৰীক্ষাত অনিয়ম প্রতিৰোধ কৰাৰ বাবে নতুন আইন প্রয়োগ কৰাৰ কথা ঘোষণা কৰিছে ৷ নতুন পৰীক্ষা আইন — ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন, ২০২৪ সংসদে ফেব্ৰুৱাৰী মাহত গৃহীত কৰে।
শুকুৰবাৰৰ পৰা বলবৎ হোৱা এই আইন অনুসৰি কোনো ব্যক্তিয়ে প্ৰশ্নকাকত ফাদিল কৰা বা উত্তৰবহীত অনিয়ম কৰি ধৰা পৰিলে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ’ব। দোষী সাব্যস্ত হ’লে নূন্যতম তিনি বছৰৰ কাৰাদণ্ড দিয়া হ’ব ।সর্বাধিক পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড সহ ১০ লাখ টকাৰ জৰিমনা দিয়াৰ বিধান আছে ৷যদি কোনো শাসকীয় সংস্থা বা সংগঠক সংস্থাই পৰীক্ষা প্ৰক্ৰিয়াত প্ৰৱঞ্চনা সংঘটিত হৈছে বুলি জানি মৌন হৈ থাকে তেন্তে তেওঁলোকক ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
লগতে নিয়ন্ত্ৰক সংস্থাটোৰ কোনো উচ্চ পদস্থ বিষয়া যদি দুৰ্নীতিৰ সৈতে জড়িত হয় তেন্তে তেওঁ নূন্যতম তিনি বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব। সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকাৰ জৰিমনা বিহাৰ এইক্ষেত্ৰত বিধান আছে । আৰু যদি কোনো ব্যক্তি পৰীক্ষা কৰ্তৃপক্ষ বা আয়োজক সংস্থাৰ হৈ অপৰাধত জড়িত হয় তেন্তে নূন্যতম শাস্তি পাঁচ বছৰ আৰু ১ কোটি টকাৰ জৰিমনা হ’ব পাৰে ৷