বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণে অসমত বান পৰিস্থিতি গুৰুতৰ কৰি তুলিছে । বান পৰিস্থিতিত ৩৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ১১খন জিলা বানৰ কবলত পৰিছে ৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ লগতে আন একাংশ নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিন্তু এতিয়ালৈকে জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিব পৰা নাই। যোৱা বছৰতো অসমত বানে ব্যাপক ক্ষতিসাধন কৰিছিল ৷
প্ৰাধিকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ৩৪ হাজাৰ ১৮৯ জন লোক বানত আক্ৰান্ত হৈছে। ইয়াৰে ১৪ হাজাৰ ৬৭৫ গৰাকী মহিলা আৰু ৩ হাজাৰ ৭৮৭ গৰাকী শিশু। বিশ্বনাথ, দৰং, ধেমাজি, লখিমপুৰ, তামুলপুৰকে ধৰি ১১খন জিলা ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। তাত ২৩ হাজাৰ ৫১৬ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে। ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৩ হাজাৰ ৮৫৭ জন লোক। দৰঙত আক্ৰান্ত লোকৰ সংখ্যা ২২৩১ জন। বিশ্বনাথ জিলাত ২২৩১ জন লোক আক্ৰান্ত হৈছে। ধেমাজিত আক্ৰান্ত হৈছে ১ হাজাৰ ৮৫ জন লোক।
বান পৰিস্থিতিত মুকলি কৰা হৈছে ১১টা সাহায্য শিবিৰ। ইয়াৰে লখিমপুৰত মুকলি কৰা হৈছে ৮টা সাহায্য শিবিৰ। ওদালগুৰিত মুকলি কৰা হৈছে ২টা সাহায্য শিবিৰ। অসমত ৭৭খন গাঁৱৰ ভয়াৱহ ক্ষতিসাধন হৈছে বুলি দুৰ্যোগ সঁহাৰি বাহিনীয়ে প্ৰকাশ কৰিছে। ২০৯.৬৭ হেক্টৰ মাটি ক্ষতিগ্ৰস্ত হৈছে। ডিমা হাছাও আৰু কামৰূপ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।