পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হোৱাৰ প্ৰথম ৫ দিনতে ১১ জন তীর্থযাত্ৰীৰ মৃত্যু ঘটিছে ৷যোৱা ১০ মে’ত মুকলি হৈছিল কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী ধাম। ১২ মে’ত মুকলি হয় বদ্ৰীনাথ ধাম। প্ৰথম দিনাৰ পৰাই চাৰিধাম যাত্ৰাত তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । বৃহৎ সংখ্যক তীৰ্থযাত্ৰী একেলগে উপস্থিত হোৱাত উত্তৰাখণ্ড চৰকাৰ অধিক সতর্ক হ’ব লগা হৈছে। ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি যাত্ৰা আৰম্ভ হোৱাৰ ৫ দিনৰ ভিতৰতে ১১ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আৰু এই ঘটনাই ৰাজ্য চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে।
ৰাজ্য আৰু জিলা প্ৰশাসনে যাত্ৰীসকলক তেওঁলোকৰ শাৰীৰিক সমস্যাৰ বিষয়ে একো লুকুৱাই নাৰাখিবলৈ আহ্বান জনাইছে। গড়ৱালৰ উপায়ুক্ত বিনয় শংকৰ পাণ্ডেয়ে কয় যে চাৰিধাম যাত্ৰাৰ বাবে অহা তীৰ্থযাত্ৰীসকলে চিকিৎসা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। শাৰীৰিক সমস্যাৰ সৈতে জড়িত সকলো তথ্য তাত উল্লেখ কৰিবলৈ কোৱা হৈছে। কিন্তু দেখা গৈছে যে এই যাত্ৰাত নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ বহুতে শাৰীৰিক সমস্যা লুকুৱাই ৰাখিছে। ফলত তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মৃত্যুৰ দৰে ঘটনাও সংঘটিত হৈ আছে।
গতিকে এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে তীৰ্থযাত্ৰীসকলক কোনো ধৰণৰ শাৰীৰিক সমস্যা লুকুৱাই নাৰাখিবলৈ অনুৰোধ জনাইছে। ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি চাৰিধাম যাত্ৰাত এইবাৰ ভক্তৰ চাপ যোৱা বছৰৰ তুলনাত বহু বেছি। গতিকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে প্ৰতিদিনে তীৰ্থযাত্ৰীৰ সংখ্যা সীমিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এসপ্তাহৰ ভিতৰতে ডেৰ লাখতকৈ অধিক তীৰ্থযাত্ৰীয়ে কেদাৰনাথ ভ্ৰমণ কৰিছে। ৭০ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে যমুনোত্ৰি ভ্ৰমণ কৰে। ৬৩ হাজাৰ ভক্তই গংগোত্ৰী ভ্ৰমণ কৰে। প্ৰশাসনৰ সূত্ৰ অনুসৰি মাত্ৰ তিনিদিনতে ৪৫ হাজাৰ তীৰ্থযাত্ৰী বদ্ৰীনাথ ধাম ভ্ৰমণ কৰে।