ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৪মে’:– “সুকুমাৰ কলাৰ নিৰ্দিষ্ট পাঠ্যক্ৰমৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয়ত একো একোজন শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিলে অসমত ই এক নতুন গতি পাব। অন্যথা সুকুমাৰ কলাৰ অন্তৰ্গত চিত্ৰশিল্প কেৱল এদিনীয়া বা দুদিনীয়া কৰ্মশালাতে আৱদ্ধ হৈ আছে। এনে হ’লে কলা চৰ্চাৰ প্ৰতি শিশুৰ মন আকৰ্ষিত কৰিব নোৱাৰি।”– এই মন্তব্য বিশিষ্ট চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ। আজি নগাঁৱৰ কলেজ অৱ এডুকেশ্বনত আয়োজিত ” Harmony of Ink & Colour 2023″ শীৰ্ষক এখন আন্ত:ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনী আৰু কৰ্মশালাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভট্টাচাৰ্য্যই লগতে আৰু কয় যে মহাবিদ্যালয়সমূহত একোটা আৰ্ট গেলেৰী পাতিলে ছাত্ৰ-ছাত্ৰীসকলে মনৰ সৃজনীমূলক কামৰ প্ৰকাশ ঘটাবলৈ এখন প্লেটফৰ্ম পায় ।এনে প্লেটফ’ৰ্মে শিশুক শিল্পৰ প্ৰতি আগ্ৰহী কৰি তোলে।
ছাত্ৰ ছাত্ৰী সকলৰ সৃজনীমূলক কামৰ স্বীকৃতিয়ে মানুহ হ’বলৈ প্ৰেৰণা দিয়ে । পুৱা ৯বজাৰ লগে লগে জাতীয় সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানশিখা বৰুৱাই । ইয়াৰ পাছতে সন্মানীয় অতিথিসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোছা,এটি স্মাৰক আৰু এটি উপহাৰেৰে সম্ভাষণ জনোৱা হয় ৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত আমন্ত্রিত অতিথিসকলৰ দ্বাৰা এখনি তালিকা পুথিও উন্মোচন কৰা হয় ৷ ১১ বজাত ছবি প্রদর্শনীখনৰ শুভ উদ্বোধন কৰে মুখ্য অতিথি ভট্টাচার্যই ৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ৩০ জন চিত্রকৰে অংশগ্রহণ কৰি অংশগ্রহণকাৰী সকলৰ মাজত তেওঁলোকৰ বহুমূলীয়া জ্ঞান আৰু প্রতিভাৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে ৷
তেওঁলোকৰ মুঠ ১১০ খন চিত্রৰে মহাবিদ্যালয়ৰ প্রেক্ষাগৃহটো আটক ধুনীয়াকৈ সজাই তোলা হয় ৷ চিত্ৰ প্ৰদৰ্শনীত বাংলাদেশৰ শিল্পী মুক্তি ভৌমিক,মহম্মদ আব্দুল মমিন মিল্টন,নেপালৰ ভীম সোভা টামাং, শৰ্মিলা দেৱী টামাং,সুজিতা চৌধুৰী,উদ্ধৱ গুৰুং,হৰিলাল উদাস,এন বি গুৰুং,কমল গুৰুং , জীৱন টামাং,উৰিষ্যাৰ মুক্তিপদ নন্দী,শ্ৰীলংকাৰ চামিনী ওৱাৰাচৰিয়াকে ধৰি বহু কেইবাগৰাকী দেশী-বিদেশী শিল্পীৰ চিত্ৰৰে প্ৰদৰ্শনীখন সজাই তোলা হয় । উল্লেখযোগ্য যে কর্মশালাখনত ভাৰতৰ ১০গৰাকীৰ উপৰি বাংলাদেশৰ ৫গৰাকী,নেপালৰ ১৪গৰাকী আৰু শ্রী লংকাৰ ১গৰাকী চিত্রকৰে অংশগ্রহণ কৰি অনুষ্ঠানটোক অন্য এক মাত্রা প্রদান কৰে। দিনযোৰা এই কর্মশালাৰ অন্তত কলেজ অৱ এডুকেশ্বনৰ তৰফৰ পৰা সকলোকে মানপত্র প্রদান কৰা হয় । সহকাৰী অধ্যাপিকা প্ৰীতিমা বৰাই আঁতধৰা অনুষ্ঠানটোৰ শেষত অংশগ্ৰহণ কৰা চাৰিওখন
দেশৰ ৰাষ্ট্রীয় সংগীতেৰে অনুষ্ঠানটোৰ সামৰণী পৰে।