উত্তৰ প্ৰদেশে সুৰা বিক্ৰীৰ ক্ষেত্ৰত এক নতুন নজিৰ গঢ়ি তুলিছে। যোৱা কেইবছৰমানৰ পৰা যোগীৰ ৰাজ্যত অভিলেখ হাৰত সুৰাৰ বিক্ৰী বৃদ্ধি পাইছে। ৰাজ্যৰ আবকাৰী বিভাগৰ পৰিসংখ্যাই ইংগিত দিয়ে যে উত্তৰ প্ৰদেশৰ বহু জিলাত দৈনিক সুৰাৰ বিক্ৰী ১০ কোটি টকাতকৈও অধিক। কিন্তু শেহতীয়া প্রতিবেদনৰ তথ্যই চকু কপালত তুলিব ৷ ৰাজ্যত প্ৰতিদিনে প্ৰায় ১১৫ কোটি টকাৰ সুৰা বিক্ৰী হয়। চৰকাৰী তথ্য অনুসৰি গড়ে ৰাজ্যৰ প্ৰতিখন জিলাই প্ৰতিদিনে ২.৫ কোটিৰ পৰা ৩ কোটি টকাৰ সুৰা বিক্ৰী কৰে। সমীক্ষা অনুসৰি দুবছৰ পূৰ্বে উত্তৰ প্ৰদেশত দৈনিক সুৰাৰ বিক্ৰী আছিল প্ৰায় ৮৫ কোটি টকা। তেতিয়াৰ পৰাই সুৰাৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে।
নয়ডা, গাজিয়াবাদ আৰু আগ্ৰা – উত্তৰ প্ৰদেশৰ এই তিনিখন জিলাত সৰ্বাধিক সুৰা বিক্ৰী হয়। সমীক্ষাত তেনেকৈয়ে কোৱা হৈছে। আবকাৰী বিভাগৰ সূত্ৰ অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত দৈনিক ১২ৰ পৰা ১৫ কোটি টকাৰ বিভিন্ন ধৰণৰ সুৰা বিক্ৰী হয়। প্ৰয়াগৰাজত দিনটোত গড়ে ৪.৫ কোটি টকাৰ সুৰা আৰু বিয়েৰ বিক্ৰী হয়। জানিব পৰা মতে আগ্ৰাত ১২-১৩ কোটি, লক্ষ্ণৌত ১০-১২ কোটি, কানপুৰত ৮-১০ কোটি আৰু বাৰাণসীত ৬-৮ কোটিত সুৰা বিক্ৰী হৈছে।
উত্তৰ প্ৰদেশত কিয় বিপুল হাৰত সুৰাৰ চাহিদা বৃদ্ধি পাইছে সেই সম্পৰ্কে বিভিন্ন ভাৱধাৰাৰ সৃষ্টি হৈছে। যোৱা ৩-৪ বছৰত উত্তৰ প্ৰদেশৰ সকলো জিলাতে সুৰা আৰু বিয়েৰ ক্ৰয়ৰ ধাৰা বাঢ়িছে। আবকাৰী বিভাগে কৰা এক প্ৰাৰম্ভিক সমীক্ষাত প্ৰকাশ পাইছে যে এই ৰাজ্যৰ জনসাধাৰণ আৰ্থিকভাৱে পূৰ্বতকৈ অধিক সমৃদ্ধিশালী হৈ পৰিছে। ফলত মদ কিনিবলৈ পকেটত ধনৰ অভাৱ নহয় ৷ লগতে মদৰ সামাজিক গ্ৰহণযোগ্যতা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। বেছিভাগেই কেৱল উৎসৱৰ বাবেই নহয় দৈনন্দিন ভাগৰ দূৰ কৰিবলৈও মদ্যপান কৰিবলৈ আৰম্ভ কৰিছে ৷