ধেমাজি আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাই ১২০ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় ৷ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ তিনি জন লোকক গ্ৰেপ্তাৰ কৰে ৷গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম বাসন্তী চনা বুলি জানিব পৰা গৈছে ৷ তথ্যমতে গোপন সূত্ৰৰ পম খেদি ধেমাজি আৰক্ষীয়ে ধেমাজি নগৰৰৰ বাছ আস্থানৰ পৰা মহিলা গৰাকীৰ পৰা ১০টা ড্ৰাগছ ভৰ্ত্তি কণ্টেইনাৰ উদ্ধাৰ কৰিছে ৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীয়ে তিনিচুকীয়া জিলাৰ শ্ৰীকৃষ্ণ চাহ বাগানৰ পৰা আনিছিল ড্ৰাগছ খনি। ।উক্ত ড্ৰাগছ খিনি ক্ৰয় কৰিবলৈ আহোতেই ধেমাজি আৰক্ষীয়ে প্ৰফুল্ল পেগু আৰু ৰাজেশ পেগুক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱককেইজনৰ ঘৰ লখিমপুৰ জিলাত বুলি জানিব পৰা গৈছে।
যুৱক কেইজনৰ পৰা তিনিটা মবাইল ফোনৰ লগতে এখন বাইক জব্দ কৰিছে আৰক্ষীয়ে ।জব্দ কৰা মটৰচাইকেল খনৰ নম্বৰ হৈছে এএছ ০৭ টি ২৯৪১ ৷