ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানত আৱদ্ধ হৈ পৰা ৰাজ্যৰ ১২৪ গৰাকী শিক্ষার্থীক উদ্ধাৰ কৰা হৈছে ৷ ৰাজ্য চৰকাৰে ৬খন বাছেৰে ছিকিমত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে অসমলৈ আনে ৷ দেওবাৰে নিশা প্ৰায় ১২ বজাত শিক্ষার্থীসকল অসমত প্ৰৱেশ কৰে । গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ তৎপৰতাত শিক্ষাৰ্থীসকলক গোসাঁইগাঁৱত নৈশ আহাৰৰ যোগান ধৰা হয়। নৈশ আহাৰ গ্ৰহণ কৰি জিৰণি লোৱাৰ পিছত তেওঁলোকক গুৱাহাটী লৈ অনা হয়।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নির্দেশত শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি অনাৰ বাবে তিনিজনীয়া এটা উচ্চপদস্থ বিষয়াৰ দল ছিকিমত উপস্থিত হয় ৷ ছিকিমত ডাৱৰ বিস্ফোৰণৰ পিছত প্ৰলয়ংকাৰী বানত বাবে ছাত্ৰ-ছাত্ৰীসকল আৱদ্ধ হৈ পৰিছিল। ছাত্র-ছাত্ৰীসকলে তেওঁলোকক সুকলমে নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীক ধন্যবাদ জনায়।
আজি পুৱাৰ ভাগতে শিক্ষার্থীসকল আহি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হয় ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁলোকক আদৰণ জনায় ৷ এক টুইটত তেওঁ কয় “প্ৰাকৃতিক দুৰ্যোগৰ ফলত ছিক্কিমত আৱদ্ধ হৈ থকা অসমৰ সকলো শিক্ষাৰ্থী সুৰক্ষিতভাৱে গুৱাহাটীত আহি উপস্থিত হৈছে। আজি পুৱা মই হোটেল ৰেডিছন ব্লু’ত উপস্থিত হৈ ঘৰমুৱা শিক্ষাৰ্থীসকলক অসমলৈ আদৰণি জনালোঁ। শিক্ষাৰ্থীসকলৰ সমস্যাৰ বিষয়ে চিন্তা কৰি তেখেতসকলক সুৰক্ষিতভাৱে ঘৰলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ক আন্তৰিক ধন্যবাদ জনাইছোঁ। শিক্ষাৰ্থীসকলক ওভতাই আনিবলৈ ছিক্কিমলৈ যোৱা অসম চৰকাৰৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছোঁ। ওভতনি যাত্ৰাৰ ঘাইপথটো বিচ্ছিন্ন হৈ পৰাত শিক্ষাৰ্থীসকলক বিশেষ বাছযোগে বিকল্প পথেৰে অসমলৈ অনা হৈছে।“
জানিব পৰা মতে, অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ছিকিম মণিপাল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ছিকিমত আবদ্ধ হৈ থকা ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলক উভতাই অনা প্রক্রিয়া চোৱাচিতা কৰিবলৈ দুজন জ্যেষ্ঠ বিষয়াক প্রেৰণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, ছিকিমৰ ৰংপ’ আৰু মাজিতাৰ অঞ্চলত মুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।