ৰাজ্যৰ নিবনুৱাসকললৈ সুখবৰ ৷ ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰিছে ১২,৬০০ টা খালী পদৰ বিজ্ঞাপন ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ টুইটাৰত তেওঁ কয় –“মোৰ পূৰ্বৰ ঘোষণা অনুসৰি আজি অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ১২,৬০০টা খালী পদৰ বিজ্ঞাপন দিছে। ইয়াৰ উপৰিও আমি এই মাহত আৰক্ষী বিভাগত ৫ হাজাৰৰো অধিক খালী পদৰ বিজ্ঞাপনও দিছো। ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰায় ৩ হাজাৰ খালী পদৰ বিজ্ঞাপন দিছে আৰু আমি শিক্ষা বিভাগত অতি সোনকালে ১০ হাজাৰৰো অধিক খালী পদৰ বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰিছো। আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ লক্ষ্য আমাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত সৃষ্টি কৰা ৷ “
উল্লেখ্য যে আজি প্ৰকাশ কৰা বিজ্ঞাপনৰ ভিতৰত মেট্ৰিক অথবা ইয়াৰ সমপর্যায়ৰ প্ৰার্থীয়ে ১০৬০ টা পদত বিজ্ঞাপন প্ৰকাশ কৰিব পাৰিব ৷ আইটিআইসহ মেট্ৰিক অথবা ইয়াৰ সমপর্যায়ৰ যোগ্যতা থকা প্ৰার্থীয়ে ১৯৯০ টা আৰু অষ্টম শ্ৰেণীলৈ পঢ়া প্ৰার্থীয়ে ১৯৫০ টা পদৰ বাবে আৱেদন কৰিব পাৰিব ৷ অহা ১০ নৱেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনলাইনৰ জৰিয়তে আৱেদন দাখিল কৰিব পাৰিব ৷ আনহাতে স্নাতক ডিগ্ৰীধাৰীৰ যোগ্যতাৰ প্ৰার্থীৰ বাবে খালী পদৰ সংখ্যা হৈছে ৪০৫৫ টা ৷ উচ্চতৰ মাধ্যমিক উত্তীর্ণ প্ৰার্থীয়ে ৩১২৭ টা পদত আৱেদন দাখিল কৰিব পাৰিব ৷এলএমভি ড্ৰাইভিং লাইচেঞ্চ থকা তথা উচ্চতৰ মাধ্যমিক উত্তীর্ণ প্ৰার্থীয়ে ৪১৮ টা পদত আৱেদন দাখিল কৰিব পাৰিব ৷