ক’ভিডৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমন দ্ৰতগতিত বৃদ্ধি পাইছে দেশত ৷ বর্তমান দেশৰ ২৩ খন ৰাজ্যত সংক্ৰমন ঘটিছে অমিক্ৰনৰ ৷ নতুন ভেৰিয়েণ্টত দেশজুৰি মুঠ ১২৭০ জন লোক আক্ৰান্ত হৈছে ৷ বিশেষজ্ঞসকলে নতুন এই ভেৰিয়েণ্ট অত্যন্ত সংক্ৰামক বুলি অভিহিত কৰিছে ৷
মহাৰাষ্ট্ৰত প্ৰতিদিনে সর্বাধিক সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ এই ৰাজ্যখনত অমিক্ৰনত আ্ক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪৫০ জন ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজ্যখনত এতিয়ালৈকে ১২৫ জন লোক সুস্থ হৈ উঠিছে।
ইয়াৰ পাছতে দিল্লীত সর্বাধিক সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩২০ জন লোক ৷ ইয়াৰে ৫৭ জন লোক সুস্থ হৈ উঠিছে ৷ তদুপৰি গুজৰাটত এতিয়ালৈকে ৯৭ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাজস্থানত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৯ জন ৷ ইয়াৰে ৪৭ জন সুস্থ হৈ উঠিছে ৷
আনহাতে , কেৰালাত অমিক্ৰনত আক্ৰান্ত হৈছে ১০৯ জন লোক ৷ তেলেংগানাত ৬২ জন আৰু অন্ধ্ৰ প্ৰদেশত ১৬ জন লোকজৰ শৰীৰত অমিক্ৰনৰ সংক্ৰমন ঘটিছে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি তামিলনাডুত ৪৬ জন , কৰ্ণাটকত ৩৪ জন লোক অমিক্ৰনত আক্ৰান্ত হৈছে ৷