মধ্যপ্ৰদেশত আজি সংঘটিত হোৱা এক ভয়াৱহ পথ দুর্ঘটনাত ১৩ জন লোকৰ মৃত্যু ঘটে ৷ নৰ্মদা নদীত যাত্ৰীবাহী বাছ খন বাগৰি পৰাৰ ফলত লোককেইজনৰ মূত্যু ঘটে ৷ ফলত মৃত্যু হৈছে তেৰজন লোকৰ। ১৫ জন লোকক এতিয়ালৈ উদ্ধাৰ কৰা হৈছে।
ইন্দোৰৰ পৰা পুনে অভিমুখে গৈ থকা বাছখন মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ খালঘাট অঞ্চলৰ আগ্ৰা-মুম্বাই ঘাইপথৰ এখন দলঙৰ ৰেলিং ভাঙি পথৰ পৰা নৈত পৰি যায় ৷ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ অৱশ্যে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয় যে ব্ৰেক বা ষ্টেয়াৰিং বিকল হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে। ধাৰাসাৰ বৰষুণৰ মাজতে উদ্ধাৰ অভিযান অব্যাহত আছে ৷
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়- “দুৰ্ঘটনাস্থলীত জিলা প্ৰশাসনৰ দল উপস্থিত হৈছে । মই ধাৰ জিলা প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছো ৷ আহত সকলৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷