আৰক্ষীয়ে জনোৱা মতে আজি বৰষুণৰ ফলত হঠাতে নদীৰ পানী বৃদ্ধি হোৱাৰ ফলত মধ্যপ্ৰদেশৰ খাৰগোন জিলাৰ এখন বনাঞ্চলৰ সুৰক্ষিত স্থানলৈ প্ৰায় ৫০ জন লোক দৌৰি যোৱাৰ সময়তে কমেও ১৪ খন বাহন পানীত উটি যায় ।
অতিৰিক্ত আৰক্ষী অধীক্ষক জীতেন্দ্ৰ সিং পাৱাৰে কয় যে ইন্দোৰ জিলাৰ মহিলা আৰু শিশুসহ সকলোৱে দেওবাৰে সন্ধিয়া বলৱাড়া আৰক্ষী থানাৰ অন্তৰ্গত কাটকুট বনাঞ্চলৰ চুকদি নদীৰ ওচৰত বনভোজ উপভোগ কৰি আছিল।অঞ্চলটোত হোৱা বৰষুণৰ পিছত, নদীখনৰ জলস্তৰ হঠাতে বৃদ্ধি পায়।
বনভোজ স্থলীৰ লোকসকলে নিজকে বচাবলৈ অৰণ্যৰ ওখ ঠাইলৈ দৌৰি যায় যদিও তেওঁলোকৰ বাহন সমূহ এৰি থৈ যায় ৷ ফলত কিছুমান এছ.ইউ.ভি. সহ কমেও ১৪ খন গাড়ী পানীত উটি যায় ।
অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় গাওঁবাসীৰ ট্ৰেক্টৰৰ সহায়ত ১০ খন গাড়ী আৰু এছ.ইউ.ভি. উদ্ধাৰ কৰে।কিন্তু বাহনসমূহত পানী সোমাই হোৱা কাৰিকৰী বিজুতিৰ বাবে গাড়ীবোৰ আৰম্ভ কৰাত ব্যৰ্থ হয় । পিছত আন বাহনত বনভোজ স্থলীৰ লোকসকলক তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে উক্ত ঘটনাত তিনিখন গাড়ী দূৰলৈ উটি গৈছিল আৰু এখন দলঙৰ খুটাৰ ওচৰত আৱদ্ধ হৈ আছিল।
এজন আৰক্ষী বিষয়াই কয় যে এনে ঠাইবোৰত হঠাতে পানী বাঢ়ি যোৱাৰ আশংকাৰ বিষয়ে অৱগত কৰি ইতিমধ্যে স্থানীয় আৰক্ষীক অঞ্চলটোত এখন বোৰ্ড স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷