VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুজৰাট ট্ৰেজেডীঃ ওলমা দলং খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪১ জনলৈ বৃদ্ধি

voicedesk by voicedesk
October 31, 2022
in মুখ্য সংবাদ
গুজৰাট ট্ৰেজেডীঃ ওলমা দলং খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪১ জনলৈ বৃদ্ধি
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ মৰ্বিত এখন  ওলমা দলং খহি  মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে ৷ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰাৰ লগে লগে উদ্ধাৰ কৰা হৈছে অধিক লোকৰ মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি এই শোকাৱহ দূর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪১ জনলৈ বৃদ্ধি পাইছে ৷ প্ৰায় ১৭৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷ এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে।

মহিলা আৰু শিশুকে ধৰি প্ৰায় ৫০০ লোকে ওলমি থকা দলংখনেৰে গৈ থকাৰ সময়তে দলঙখনৰ কেবলবোৰ ছিঙি যায় ৷ আহমেদাবাদৰ পৰা ৩০০ কিলোমিটাৰ নিলগত অৱস্থিত ১৫০ বছৰ পুৰণি দলংখনত  ষট্ পূজাৰ বাবে সমাবেত হৈছিল ৷

উল্লেখ্য যে মেৰামতিৰ বাবে ৭ মাহ ধৰি বন্ধ হৈ আছিল মাচচু নদীৰ ওপৰত থকা দলংখন।যোৱা  ২৬ অক্টোবৰ অৰ্থাৎ গুজৰাটী নৱবৰ্ষত পুনৰ ৰাইজৰ বাবে মুকলি কৰা হয়।গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কালিৰে পৰা উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে আৰু কেন্দ্ৰই ৰাজ্যখনলৈ সকলো সহায় আগবঢ়াইছে।

আজি পুৱা গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু পাঁচজনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে দলং ভাঙি পৰা সন্দর্ভত তদন্ত চলাই আছে।

স্থানীয় পৌৰসভা সংস্থাৰ মুৰব্বী সন্দীপসিং জালাই প্ৰকাশ কৰা অনুসৰি শতিকা পুৰণি দলংখনৰ  পুনৰ মুকলি কৰাৰ পূৰ্বে  নির্মাণকাৰীয়ে সুৰক্ষাৰ প্ৰমাণ পত্ৰ লোৱা নাছিল।

এন ডি আৰ এফৰ পাঁচটা দলে নিশাটোৰ ভিতৰতে নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ পিছত সেনা, নৌসেনা আৰু বায়ুসেনাও এই অভিযানত যোগদান কৰে।

দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিজনৰ পৰিয়ালৰ সদস্যক ৪ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।লগতে প্ৰধানমন্ত্ৰীয়ে নিহত পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

‘নাছা’ৰ কেমেৰাত হাঁহি থকা সূৰ্য্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘নাছা’ৰ কেমেৰাত হাঁহি থকা সূৰ্য্য

‘নাছা’ৰ কেমেৰাত হাঁহি থকা সূৰ্য্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7