আবকাৰী শুল্ক বৃদ্ধিৰে দেশৰ ৰাজহ সংগ্ৰহ কৰি ৰাজ্যৰ ৰাজকোষ টনকীয়াল কৰাৰ লক্ষ বৰ্তমানৰ চৰকাৰৰ৷জানিবপৰা মতে বিলাতী সুৰাৰ ১৫% পৰ্যন্ত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷অতিশীঘ্ৰেই এই বিষয়ে এক অধিসূচনা জাৰি কৰা হ’ব৷ ২০২০চনৰ ৯ মে’ত ক’ভিডকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যৰ বিলাতী সুৰাৰ সৰ্বাধিক খুচুৰা মূল্যৰ ওপৰত অতিৰিক্ত ভাৱে ২৫টকাৰ কৰ আৰোপ কৰিছিল৷অৰ্থাৎ সেইসময়ত আবকাৰী কৰ ৭০% পৰ্যন্ত বৃদ্ধি কৰা হৈছিল৷অৱশ্যে চলিত বৰ্ষত তাৰ ২৫% আবকাৰী কৰ প্ৰত্যাহাৰ কৰা হয়.কিন্তু এতিয়া আবকাৰী শুল্ক বৃদ্ধিৰে ৰাজকোষ টনকীয়াল কৰাৰ উদ্দেশ্য আগত ৰাখি বিলাতী সুৰাৰ আবকাৰী শুল্ক পুনৰ ১৫% বৃদ্ধি কৰিছে বৰ্তমানৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে৷