মধ্যপ্ৰদেশৰ ৰেৱাত সংঘটিত হৈছে এক শোকাৱহ পথ দুর্ঘটনা ৷ এখন বাছ আৰু এখন ট্ৰাকৰ সংঘর্ষত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪০ জন লোক আহত হয়।
উল্লেখ্য যে প্ৰায় ১০০ জন যাত্ৰীসহ বাছখনে উত্তৰ প্ৰদেশৰ গোৰখপুৰ অভিমুখে গৈ থকা অৱস্থাত যোৱা নিশাৰ ভাগত ৰেৱাৰ সুহাগী পাহাৰীৰ সমীপত এখন ৰৈ থোৱা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। আহত লোকসকলক ততাতৈয়াকৈ সুহাগীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতসকলক ৰেৱাৰ সঞ্জয় গান্ধী মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি বিষয়াসকলে জনায়। বিষয়াসকলে জনোৱা মতে, ট্ৰাকখন আন এখন ট্ৰাকৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে ঘাইপথত আবদ্ধ হৈ পৰে। ইয়াৰ পিছতে বাছখনে পিছফালৰ পৰা ট্ৰাকখনত খুন্দা মাৰে।
ৰেৱা আৰক্ষী অধীক্ষক নৱনীত ভাছিনে কয় যে বাছখনত যাত্ৰা কৰা অধিকাংশ লোকেই উত্তৰ প্ৰদেশৰ শ্ৰমি, যিসকলে মধ্যপ্ৰদেশৰ কাটনিৰ পৰা বাছখনত উঠিছিল। হায়দৰাবাদৰ পৰা এখন সুকীয়া বাছত উঠি কাটনীলৈ অহা শ্ৰমিক কেইজনে দীপাৱলীৰ বাবে ঘৰলৈ গৈ থকা বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।
সূত্ৰই জনোৱা মতে, একাংশ পথচাৰীয়ে দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। দুর্ঘটনাক লৈ এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ বাবে দুই লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। গুৰুতৰভাৱে আহত সকলক দিয়া হ’ব ৫০ হাজাৰ টকাৰ আর্থিক সাহায্য ।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও দুৰ্ঘটনাটোক লৈ দুখ প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশত থকা পৰিয়ালৰ সদস্যলৈ মৃতদেহ পঠোৱাৰ ব্যৱস্থা কৰি আছে ৰেৱা জিলা প্ৰশাসনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ বাবে শোক প্ৰকাশ কৰে ৷