পাঁচ মহীয়া এক কষ্টকৰ বিমান যাত্ৰাৰ শেষত বিশ্বজুৰি এককভাৱে উৰাজাহাজ চলোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হ’ল ইংলেণ্ডৰ এজন ১৭ বছৰীয়া কিশোৰ মেক ৰাদাৰফোৰ্ড।
৫৪,১২৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত বুলগেৰিয়াৰ ৰাজধানী ছফিয়াৰ ওচৰৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে মেক ৰাদাৰফোৰ্ডক উষ্ম হাতচাপৰি আৰু আনন্দ উল্লাসেৰে আদৰণি জনোৱা হয়।
মেকে ২৩ মাৰ্চত বুলগেৰিয়াৰ যি স্থানৰ পৰা বিমান যাত্ৰা আৰম্ভ কৰিছিল সেই একে স্থানতে তেওঁ অৱতৰণ কৰিছিল ৷ এখন আল্ট্ৰালাইট বিমানেৰে তেওঁ বিশ্বজুৰি এই যাত্ৰা আৰম্ভ কৰিছিল ৷ এই বিমানখনৰ ওজন আছিল মাত্ৰ ৩২৫ কিলোগ্ৰাম ৷ আনহাতে প্ৰতি ঘণ্টাত ২৯৯ কিলোমিটাৰ বেগত উৰিছিল বিমানখন। অৱশেষত ৫২ খন দেশকে ধৰি বিমানেৰে কৰা পাঁচ মাহৰ এই বিশ্ব ভ্ৰমণৰ শেষত তেওঁ বুলগেৰিয়াৰ ছফিয়াত উপস্থিত হয়।
উল্লেখনীয় যে তেওঁৰ এই কৃতিত্বক ‘গিনীজ বুক অৱ ৰেকৰ্ডছ’ৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা হৈছে ৷ ‘গিনীজ বুক অৱ ৰেকৰ্ডছে’ তেওঁক অৱতৰণ কৰাৰ লগে লগে দুখন প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷ ইয়াৰ পিচতেই অকলে আল্ট্ৰালাইট বিমানেৰে পৃথিৱী প্ৰদক্ষিণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি ৰূপে পৰিগণিত হ’ল মেক ৰাদাৰফোৰ্ড ৷
জানিবপৰা মতে ৰাদাৰফোৰ্ডৰ এই যাত্ৰা আছিল বহু প্ৰত্যাহ্বানৰে ভৰা ৷ বেয়া বতৰত জাপানৰ পৰা প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে পাৰ হৈ আমেৰিকাৰ জনবসতিহীন দ্বীপ আট্টুলৈ কৰা তেওঁৰ ১০ ঘণ্টীয়া বিমান যাত্ৰা আছিল অতি ভয়াবহ ।আনহাতে ভাৰতত বৰষুণৰ পানীয়ে তেওঁৰ বিমানৰ মূল ইন্ধনৰ টেংক আৰু তেওঁৰ লগত থকা বহু নথি-পত্ৰ প্লাৱিত কৰিছিল।
মন কৰিবলগীয়া যে মেকৰ পিতৃ ছেম ৰাদাৰফোৰ্ড এজন পেছাদাৰী ফেৰী পাইলট আৰু তেওঁৰ মাতৃ এগৰাকী ব্যক্তিগত পাইলট।
সেয়েহে পিতৃ-মাতৃৰ পৰা অনুপ্ৰাণিত হৈ কিশোৰগৰাকীয়ে মাত্ৰ ১৫ বছৰ বয়সতে পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল যি হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ কম বয়সীয়া পাইলট ।
Congratulations to Mack Rutherford @macksolo2 who at 17 years and 64 days is officially the youngest person to circumnavigate the world by aircraft solo (male) https://t.co/cWkodgmRGw
— Guinness World Records (@GWR) August 24, 2022