VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘১৭০০ ঘৰ জ্বলি ছাই হ’ল , ৬০ জন লোকে প্ৰাণ হেৰুৱালে!’ মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে

voicedesk by voicedesk
May 9, 2023
in মুখ্য সংবাদ
‘১৭০০ ঘৰ জ্বলি ছাই হ’ল , ৬০ জন লোকে প্ৰাণ হেৰুৱালে!’ মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্য়খনত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হৈছে। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷  ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে  হিংসাত্মক পৰিস্থিতিৰ বিষয়ে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে মুখ খুলিছে  ৷ তেওঁ ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

 

বীৰেনে কয় যে যোৱা কেইদিনমানত মণিপুৰত ৬০ জন লোকৰ হিংসাত্মক ঘটনাত মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বহু লোক আহত হয়। বহু লোকৰ ঘৰ জ্বলিছে। এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কঠোৰ শাস্তিৰো সকীয়াই দিয়ে।

 

মণিপুৰৰ চুৰাচান্দপুৰত যোৱা বুধবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই ৰাজ্যৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ। দীৰ্ঘদিন ধৰি অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে। এই দাবীৰ বিৰোধিতা কৰি বুধবাৰে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ চমুকৈ আটছুমে এক শোভাযাত্ৰা উলিয়ায়। তাৰ পৰাই আৰম্ভ হ’ল সংঘাত।

সেইদিনাৰ পৰাই মুখ্যমন্ত্রী বীৰেন সিঙে  কেইবাটাও টুইটৰ জৰিয়তে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি সন্দর্ভত বিভিন্ন নির্দেশ দিছে৷ অৱশ্যে সোমবাৰে প্ৰথমে ৰাজহুৱাভাৱে  তেওঁ মুখ মেলিলে। তেওঁ কয় যে, “এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হয় ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। ৰাজ্যবাসীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ।”

 

তেওঁ  লগতে কয়, “মণিপুৰৰ বিভিন্ন প্ৰান্তত গৃহহীন আৰু সিঁচৰতি হৈ থকা সকলোকে চৰকাৰে সহায় কৰি আছে। নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈছে ৷”

 

এই পৰিস্থিতিৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, পৰিস্থিতি চম্ভালিব নোৱাৰা আৰু কৰ্তব্য পালনত ব্যৰ্থ হোৱা চৰকাৰী আৰু প্ৰশাসনিক বিষয়াসকলকো কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। একে সময়তে ৰাজ্যবাসীক ভুৱা বাতৰি আৰু উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ বীৰেনে আহ্বান জনায়।

 

মণিপুৰৰ হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভূমিকাক মুখ্যমন্ত্ৰীয়ে শলাগ লয়। তেওঁ শ্বাহক ধন্যবাদ জনায়। বীৰেনে কয় যে ঘটনাৰ প্ৰথম দিনাৰ পৰাই শ্বাহে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় বাহিনী। ইয়াৰ বাবে তেওঁ গৃহমন্ত্ৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Previous Post

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

Next Post

পুনৰ বলিউডৰ ভাইজান চলমানলৈ মৃত্যুৰ ভাবুকি ? কোনে পঠিয়ালে ই-মেইল ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুনৰ বলিউডৰ ভাইজান চলমানলৈ মৃত্যুৰ ভাবুকি ? কোনে পঠিয়ালে ই-মেইল ?

পুনৰ বলিউডৰ ভাইজান চলমানলৈ মৃত্যুৰ ভাবুকি ? কোনে পঠিয়ালে ই-মেইল ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7