আজি পল্লৱী মুণ্ডা(১৮) নামৰ এগৰাকী কিশোৰী ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ প্ৰথম মহলাৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত হয়। খবৰ অনুসৰি স্কুলখনৰ নিৰ্মাণ স্থলীত শ্ৰমিক হিচাপে কৰ্মৰত কিশোৰী গৰাকীক অন্য এজন শ্ৰমিক বাদশ্বাহ খানে শ্লীলতা হানিৰ অপচেষ্টা কৰাৰ পিছতেই প্ৰথম মহলাৰ পৰা জপিয়াই কিশোৰীগৰাকীয়ে । আনহাতে ধৃত শ্ৰমিকজন পশ্চিম বংগৰ পশ্চিম মিন্দাপুৰৰ বুলি জানিব পৰা গৈছে।
ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় চাহ জনগোষ্ঠীৰ লোকসকলে দলে বলে ওলাই আহি বিদ্যালয়ৰ সন্মুখত দোষীক তেওঁলোকৰ হাতত গটাই দিবলৈ দাবী উত্থাপন কৰে। পিছত ধৃত শ্ৰমিকজনক স্থানীয় লোকসকলে গুৰুতৰ ভাবে প্ৰহাৰ কৰে। ফলত শ্ৰমিকজনক স্থানীয় হস্পিতালত ভৰ্তি কৰা হয়। কিশোৰী গৰাকীকো ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিশোৰী গৰাকীক হত্যাৰ চেষ্টা কৰা হৈছিল বুলিও সন্দেহ কৰা হৈছে