”বুনিয়াদী শিক্ষা হৈছে শিশুসকলৰ সকলো দিশৰ সৰ্বোৎকৃষ্ট বিকাশৰ লগতে তেওঁলোকৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশ” ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ এই কথাষাৰকে সাৰোগত কৰি বৰ্তমান সময়ৰ শাসনাধিস্থিত চৰকাৰখনে শিশুসকলৰ বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ৷
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি” এম. জি .এনৰেগা(MGNREGA) ৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত বিটিআৰ অঞ্চলৰ চাৰিওখন জিলাতে মুঠ ৭১২ টা অঙ্গনবাড়ী কেন্দ্ৰ স্থাপন কৰিবৰ বাবে এক অভিলাষী পদক্ষেপ হাতত লোৱা হৈছে ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত আজি কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বংলাবাৰী-চি গাঁৱত এটি অঙ্গনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীক পূৰ্ণ সহযোগিতা আগবঢ়াই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰী গোবিন্দ বসুমতাৰীয়ে ৷ যাৰ বাবে দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৷ লগতে ইয়াৰ জৰিয়তে অসমৰ আন জিলাসমূহতো এই পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক আহ্বান জনাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৷