বমি আৰু পেটৰ অস্বস্তিত ভুগি থকা এজন ৰোগীৰ পেটৰ পৰা অস্ত্ৰোপচাৰ কৰি চিকিৎসকে ১৮৭টা মুদ্ৰা উলিয়াই অনা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ কৰ্ণাটকৰ বাগালকোটৰ হানাগল শ্ৰী কুমাৰেশ্বৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ চিকিৎসকে জনোৱা মতে, বমি আৰু পেটৰ অস্বস্তিত ভোগাৰ পিছত হাস্পতালখনত ভৰ্তি হোৱা এজন ৰোগীৰ পেটৰ পৰা ১৮৭টা মুদ্ৰা উলিয়াই অনা হৈছে ৷
অস্ত্ৰোপচাৰ কৰা চিকিৎসক ডাঃ ঈশ্বৰ কালাবুৰ্গীয়ে কয়, “তেওঁ মানসিক বিকাৰত ভুগিছিল আৰু যোৱা ২-৩ মাহ ধৰি মুদ্ৰা গিলি আহিছিল। বমি আৰু পেটৰ অস্বস্তিৰ বাবে চিকিৎসালয়লৈ আহিছিল।”
পেটৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে আত্মীয়ই তেওঁক ততাতৈয়াকৈ হাংগল শ্ৰী কুমাৰেশ্বৰ চিকিৎসালয়লৈ লৈ যায়। মেডিকোসকলে তেওঁৰ এক্স-ৰে আৰু এণ্ড’স্কপি কৰা হয় বুলি চিকিৎসকগৰাকীয়ে কয় ৷ লগতে কয় যে ৰোগীজনে মুঠ ১৮৭টা মুদ্ৰা গিলি পেলাইছিল। ৫৬ টা ৫ টকীয়া মুদ্ৰা ৫১ টা দুটকীয়া , আৰু ৮০ টা ১টকীয়া মুদ্ৰা গিলিছিল লোকজনে ৷ । দ্যামপ্পা হৰিজন নামৰ লোকজনে দুই-তিনি মাহৰ ভিতৰত মুঠ ১.৫ কিলোগ্ৰাম ওজনৰ বিভিন্ন মূল্যৰ মুদ্ৰা ভক্ষণ কৰিছিল বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে।
দ্যামপ্পা হৰিজন নামৰ লোকজন ৰাইচুৰ জিলাৰ লিংছুগুৰ চহৰৰ বাসিন্দা। ৰোগীজন স্কিজ’ফ্ৰেনিয়া নামৰ মানসিক ৰোগত আক্ৰান্ত আছিল ৷ চিকিৎসক গৰাকীয়ে কয় “পেটটো অতিশয় ফুলিছিল আৰু পেটৰ বিভিন্ন ঠাইত বহুতো মুদ্ৰা জমা হৈছিল। দুঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত আমি সকলো মুদ্ৰা উলিয়াই আনিলো। অস্ত্ৰোপচাৰৰ পিছত ৰোগীজন সুস্থিৰ।”