আজি পুনৰ অসম আৰক্ষীৰ হ’ব বিএমআই পৰীক্ষা কৰা হৈছে । গুৱাহাটী, শিলচৰ আৰু যোৰহাট জিলাত মুঠ ১,৮৮৪ গৰাকী আৰক্ষী বিষয়া-কনিষ্টবলৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে ।
ইয়াৰ পূর্বে অনুষ্ঠিত বিএমআই টেষ্টত তেওঁলোক বিফল হৈছিল ৷ যাৰ বাবে তেওঁলোকক পুনৰ চাৰিমাহৰ সময় দিয়া হৈছিল ৷ ২০২৩ৰ আগষ্টত অনুষ্ঠিত হৈছিল প্ৰথমটো বিএমআই পৰীক্ষা। এইবাৰ তেওঁলোক সফল হ’ব নোৱাৰিলে স্বেচ্ছামূলক অৱসৰ দিয়াৰ সম্ভাৱনা আছে।
&nbs
As a follow up to BMI testing in August 2023, the re-examination of 1884 @assampolice personnel who fell in Obese category (30+ BMI) would start at Guwahati, Silchar and Jorhat from January 2nd 2024. Hope most of them have shaped up in the three months period given. We remain…
— GP Singh (@gpsinghips) January 1, 2024
p;
মেদবহুল আৰু নিজৰ স্বাস্থ্যৰ যতন নোলোৱা আৰক্ষী বিষয়া আৰু কনিষ্টবলসকলৰ বাবে বিএমআই টেষ্টৰ ব্যৱস্থা কৰিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। সেই অনুসৰি, ২০২৩ চনৰ ১৬ আগষ্টত প্ৰথমটো পৰীক্ষা সম্পন্ন হৈছিল। অসমৰ ৩৬খন স্থানত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।