আফগানিস্তানৰ শাসনৰ বাঘজৰী তালিবানে নিজৰ হাতত ললেও দেশখনত অব্যাহত আছে উগ্ৰবাদী কার্যকলাপ ৷ দেশখনত পুনৰ সংঘটিত হৈছে ভয়াৱহ আত্মঘাতী বোমা বিস্ফোৰণ ৷ আফগানিস্তাৰ ৰাজধানীৰ এটা অধ্যয়ন কেন্দ্ৰত শুকুৰবাৰে সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত ১৯ জন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আফগানিস্তানত আক্ৰমণৰ লক্ষ্য হৈ পৰা সংখ্যালঘু হাজাৰা সম্প্ৰদায়ৰ বাসস্থান পশ্চিম কাবুলৰ দশত-ই-বৰচী চুবুৰীত সংঘটিত হয় এই বিস্ফোৰণ।
কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাড্ৰানে কয় যে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এই শিক্ষা কেন্দ্ৰটোত আত্মঘাতী বোমা বিস্ফোৰণ ঘটে। দুৰ্ভাগ্যজনকভাৱে ১৯ জন লোক নিহত হোৱাৰ লগতে ২৭ জন আহত হৈছে।কাজ উচ্চ শিক্ষা কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ মূলতঃ প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাসকলক বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত শিক্ষার্থীসকলক সহায় কৰি আহিছে ৷
যোৱা বছৰ আফগানিস্তানত তালিবানে ক্ষমতালৈ ঘূৰি অহাৰ ফলত দুটা দশকজোৰা যুদ্ধৰ অন্ত পৰে আৰু হিংসাত্মক পৰিস্থিতি যথেষ্ট হ্ৰাস পায় যদিও যোৱা কেইমাহমানৰ পৰা নিৰাপত্তাজনিত পৰিস্থিতিৰ পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ ছিয়া হাজাৰাসকলে দশক দশক ধৰি নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে ৷ তালিবানৰ শত্ৰু ইছলামিক ষ্টেট সশস্ত্ৰ সংগঠনৰ আক্ৰমণৰো সঘন লক্ষ্য হৈ পৰিছে হাজাৰা।