গুৱাহাটী, ৯ নৱেম্বৰঃ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে বিগত এটা বছৰত ৰাজ্যিক পৰ্যায়ত ১৯৪৪২৭ টা, জিলা পৰ্যায়ত ৮৭৪২৯ টা ই-ফাইল (eFiles) ৰ জৰিয়তে বিভিন্ন চৰকাৰী কাৰ্য সম্পাদন কৰিছে ৷ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰে মেনুৱেল ফাইলৰ পৰিৱৰ্তে ডিজিটেল ফাইল ব্যৱস্থা প্ৰৱৰ্তনেৰে ই-অফিচৰ সূচনা কৰি প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ ফলশ্ৰুতিত সকলো প্ৰশাসনীয় বিভাগে ২০২২ চনৰ ২ অক্টোবৰ তাৰিখৰ পৰা ই-অফিচৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ৰাজ্য চৰকাৰৰ সকলো প্ৰশাসনীয় বিভাগে পৰ্যায়ক্ৰমে বিভাগীয় ফাইলসমূহ ডিজিটেলাইজ কৰি ই-ফাইলৰ যোগেৰে কাৰ্য সম্পাদন কৰিবলৈ লোৱাত সমগ্ৰ প্ৰশাসনীয় ব্যৱস্থা তথা চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছে ৷
মন্ত্ৰী দাসে লগতে কয় যে বিভাগসমূহত ই-অফিচ তথা ই-ফাইল ব্যৱস্থা প্ৰৱৰ্তন হোৱাত বিভিন্ন চৰকাৰী কাম-কাজ দ্ৰুততাৰে সম্পাদন কৰাত অধিক সুচল হৈছে আৰু সৰ্বসাধাৰণ ৰাইজ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে ৷ এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাত জনসাধাৰণৰ বিভিন্ন অভাৱ-অভিযোগ বা সমস্যাৰ নিষ্পত্তিকৰণ প্ৰক্ৰিয়া অধিক খৰতকীয়া হৈছে আৰু ৰাইজে অসম সচিবালয়লৈ ফাইলৰ কামত নহাকৈয়ে সেৱা লাভ কৰাত সুবিধা পাইছে ৷ চৰকাৰী কাম-কাজত সচিবালয়লৈ আহিবলগীয়া নোহোৱাত জনসাধাৰণৰ যাতায়তৰ খৰচ আৰু ইন্ধনৰ ব্যয়ো ৰাহি হৈছে বুলি মন্ত্ৰী দাসে কয় ৷ ই-ফাইলৰ ব্যৱস্থাই প্ৰশাসনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে বিষয়া, কৰ্মচাৰীসকলৰ মাজত এক নতুন কৰ্ম-সংস্কৃতিৰো সৃষ্টি কৰিছে বুলি মন্ত্ৰী দাসে কয় ৷ মন্ত্ৰী দাসে ৰাজ্য প্ৰশাসনত ই-অফিচ তথা ই-ফাইল ব্যৱস্থাৰ ক্ষেত্ৰত লাভ কৰা এই সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই নতুন কৰ্ম-সংস্কৃতিক আদৰিলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে কাৰ্য-সম্পাদন কৰা অসম সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জনায় ৷