৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীৰ ৰাজপথত প্ৰদর্শিত হ’ল দেশৰ ঐতিহ্যৰ পৰা আৰম্ভ কৰি কলা সংস্কৃতিলৈ ৷গনৰাজ্য দিৱসৰ কার্যসূচীত অংশগ্ৰহন কৰি সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিলে দেশৰ ৰাষ্ট্ৰপতিয়ে ৷ ইয়াৰ মাজতে ২৬জানুৱাৰীৰ পেৰেডত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰ’ল এগৰাকী বিশেষ মহিলাৰ ওপৰত ৷ নাম তেওঁৰ শিৱাংগী সিং ৷ বায়ুসেনাৰ প্ৰতীক পটৰ পৰা ৰাষ্ট্ৰপতিক অভিবাদন প্ৰদান কৰা দেখা গৈছিল লেফটেনেণ্ট শিৱাংগী সিঙক ৷ ২০১৭ চনত ভাৰতীয় বায়ু সেনাত যোগদান কৰা শিৱাংগী সিং হৈছে দেশৰ প্ৰথম গৰাকী মহিলা ৰাফেল যুঁজাৰু জেট পাইলট ৷ তেওঁ ভাৰতীয় বায়ু সেনাৰ (আইএএফ) প্ৰতীকপটৰ অংশ হোৱা দ্বিতীয় গৰাকী মহিলা যুঁজাৰু জেট পাইলট।বিগত বছৰত ফ্লাইট লেফটেনেণ্ট ভৱানা কান্ত বায়ুসেনাৰ প্ৰতীকপটত অংশ হোৱা প্ৰথম মহিলা যুঁজাৰু জেট পাইলট । আনহাতে ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমগৰাকী পাইলট হিচাপে সুখ্যাতি লাভ কৰা শিৱাংগী সিং হৈছে উত্তৰপ্ৰদেশৰ বাৰাণসীৰ বাসিন্দা ৷ ২০১৭ চনত তেওঁ বায়ুসেনাত যোগদান কৰিছিল। ৰাফেলৰ পাইলট হিচাপে প্ৰশিক্ষণৰ পূর্বে শিৱাংগীয়ে মিগ-২১ বাইচন বিমানৰ পাইলট হিচাপে কর্মৰত হৈ আছিল ৷ ভাৰতীয় বায়ু সেনাত যোগদান কৰাৰ পাছতে তেওঁক মহিলা যুঁজাৰু পাইলটৰ দ্বিতীয় দলত নিযুক্ত কৰা হৈছিল।বর্তমান লেঃ শিৱাংগী সিং পঞ্জাৱৰ আম্বালাত অৱস্থিত আইএএফৰ গোল্ডেন এৰ’জ স্কোয়াড্ৰনৰ অংশ।
উল্লেখ্য যে ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯,০০০ কোটি টকা ব্যয়েৰে ৩৬ খন বিমান ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ প্ৰায় চাৰি বছৰ পিছত ২০২০ চনৰ ২৯ জুলাইত ৰাফেল যুঁজাৰু বিমান ভাৰতে লাভ কৰিছিল ৷ এতিয়ালৈকে আইএএফক ৩২ খন ৰাফেল জেট প্ৰদান কৰা হৈছে আৰু এই বছৰৰ এপ্ৰিলৰ ভিতৰত আন চাৰিখন ৰফেল জে্ট লাভ কৰিব ৷