আজি শ্বপিয়ান জিলাৰ এখন আপেল বাগিচাত সন্ত্ৰাসবাদীয়ে এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত তেওঁৰ ভাতৃ আহত হৈছে। বুডগামৰ এটা চৰকাৰী কাৰ্যালয়ত এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰা ঘটনাই সৃষ্টি কৰা ব্যাপক প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই প্ৰায় তিনিমাহৰ পাছতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ উক্ত ঘটনাৰ পাছৰে পৰা ৫০০০ৰো অধিক কাশ্মীৰী পণ্ডিত কৰ্মচাৰীয়ে প্ৰাণৰ ভয়ত নিজৰ কৰ্তব্যত অংশগ্ৰহণ কৰা নাই। উপত্যকাৰ পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত জম্মুলৈ স্থানান্তৰিত কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে।
কাশ্মীৰ আৰক্ষীয়ে আজিৰ ঘটনা সন্দর্ভত টুইট কৰি কয় যে শ্বোপিয়ানৰ চোটিপোৰা অঞ্চলৰ আপেল বাগিচাত সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে। এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়। দুয়োজনেই সংখ্যালঘু সম্প্ৰদায়ৰ। আহত ব্যক্তিজনক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। অঞ্চলটো ঘেৰি ৰখা হৈছে।
সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকজন হৈছে সুনীল কুমাৰ। এই ঘটনাত তেওঁৰ ভাতৃ পিন্টু কুমাৰ আহত হৈছে ৷ বিগত বৰ্ষৰ অক্টোবৰৰ পৰা কাশ্মীৰত ধাৰাবাহিকভাৱে সংখ্যালঘু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি আহিছে সন্ত্ৰাসবাদীয়ে ৷ ইয়াৰে বহু লোক প্ৰব্ৰজিত শ্ৰমিক অথবা কাশ্মীৰী পণ্ডিত। অক্টোবৰ মাহত পাঁচ দিনত ৭ জন সাধাৰণ নাগৰিক নিহত হৈছিল ৷ ইয়াৰ ভিতৰত এজন কাশ্মীৰী পণ্ডিত, এজন শিখ আৰু দুজন প্ৰব্ৰজিত হিন্দু আছিল।ইয়াৰ পিছতে কাশ্মীৰৰ পৰা বহু কাশ্মীৰী পণ্ডিত পৰিয়াল পলায়ন কৰে।