আজি জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুজন উগ্ৰপন্থী নিহত হয়।জানিব পৰা মতে সেনা জোৱানসকলে এক তালাচী অভিযান আৰম্ভ কৰাৰ পিছত শ্বপিয়ানৰ কাঞ্জিউলাৰত এই সংঘৰ্ষ সংঘটিত হয়।
নিহত উগ্ৰপন্থীসকলৰ এজন জান মহম্মদ লোন বুলি চিনাক্ত কৰা হৈছে ৷ জান মহম্মদ অন্যান্য হিংসাত্মক কাৰ্যৰ উপৰিও শেহতীয়াকৈ কুলগাম জিলাত ২/৬/২২ তাৰিখে সংঘটিত হোৱা বেংক মেনেজাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি কাশ্মীৰ অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সামাজিক মাধ্যম যোগে জানিবলৈ দিয়ে।