পুনৰ দুর্ঘটনাত পতিত হৈছে বায়ুসেনাৰ মিগ-২১ বিমান ৷ বৃহস্পতিবাৰে সন্ধিয়া ৰাজস্থানৰ বাৰ্মেৰত প্ৰশিক্ষণৰ সময়ত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ জেট বিমানখন দুৰ্ঘটনাত পতিত হয় ৷ এই দুর্ঘটনাত নিহত হয় দুজন পাইলট। দুর্ঘটনাৰ পাছতে বিমানখন সম্পূর্ণৰূপে ভস্মীভুত হয় ৷ এক বিবৃতিত বায়ুসেননাই কয়-“আজি সন্ধিয়া ৰাজস্থানৰ উত্তৰালয় বিমান ঘাটিৰ পৰা প্ৰশিক্ষণৰ বাবে ব্যৱহৃত আই এ এফৰ এখন টুইন চিটাৰ মিগ-২১ উৰণৰ পাছতে দুর্ঘটনাত পতিত হয় ৷ “ইতিমধ্যে দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে বায়ুসেনাই ৷
দুৰ্ঘটনাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীৰ সৈতে ফোনযোগে কথা পাতি ঘটনাৰ বুজ লয় ৷ মিগ-২১ হৈছে ছোভিয়েট যুগৰ একক ইঞ্জিনযুক্ত আক্ৰমণকাৰী বিমান ৷ বিগত সময়ত মিগ -২১ বিমানৰ কেইবাটাও দুর্ঘটনাত প্ৰাণ হেৰুৱাইছে বায়ুসেনাৰ জোৱানে ৷ অহা দশকৰ ভিতৰত মিগ-২১ সেৱাৰ পৰা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে ৷