চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁৱত আৰক্ষীয়ে অভিযান চলাইছে ৷ এই অভিযানৰ সময়তে ২০ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অপৰাধী কেইজনৰ পৰা বহুসংখ্যক আধাৰ কার্ড , পানকার্ড, ছিমকার্ড, মোবাইল আৰু লেপটপ জব্দ কৰা হৈছে ৷ লাহৰীঘাট আৰু মৈৰাবাৰী আৰক্ষী থানাৰ অন্তর্গত বিভিন্ন অঞ্চলত এই অভিযান চলোৱা হৈছিল ৷অভিযানত গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীসকলক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ দীর্ঘদিন ধৰি বহুলোকক প্ৰতাৰণা কৰি লাখ লাখ টকা লুন্ঠন কৰি আহিছিল এই চক্ৰটোৱে ৷