পুনৰ এক শক্তিশালী বোমা বিস্ফোৰণে কপাঁই গ’ল আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল ৷ বুধবাৰে কাবুলৰ এটা মছজিদত সন্ধিয়াৰ নামাজৰ সময়ত এক বৃহৎ বিস্ফোৰণে কপাঁই তোলে ৷ এই ভয়াৱহ বোমা বিস্ফোৰণত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।
আৰক্ষীয়ে একাধিক লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে যদিও কিমানজন হতাহত হৈছে সেই কথা স্পষ্ট হোৱা নাই। তালিবানৰ এজন চোৰাংচোৱা বিষয়াই সংবাদমাধ্যমক জনোৱা মতে, ৩৫ জন লোক হতাহত হৈছে ৷ অৱশ্যে আন এজন বিষয়াৰ মতে বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকৰে সংখ্যা ২০ জন।
প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ কাবুলৰ পৰা শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা গৈছিল ৷ আনকি এই অঞ্চলটোৰ ওচৰৰ অট্টালিকাসমূহৰ খিৰিকীবোৰ ভাঙি গৈছিল। তালিবানৰ চোৰাংচোৱা বিষয়াগৰাকীয়ে কয় যে কাবুলৰ খাইৰ খানা অঞ্চলৰ এটা মছজিদত উপাসকসকলৰ মাজত এই বিস্ফোৰণ সংঘটিত হয়। নিহতসকলৰ ভিতৰত মছজিদৰ ইমামো আছে ৷ বিস্ফোৰণস্থলীত চোৰাংচোৱা দল উপস্থিত হৈছে আৰু তদন্ত বর্তমান অব্যাহত আছিল।