ভূমি বিবাদক কেন্দ্র কৰি উত্তপ্ত হৈ পৰে কাছাৰৰ বৰখলা বুড়িবাইল অঞ্চল। দুটা পক্ষৰ মাজত সৃষ্টি হোৱা ভূমিকেন্দ্রিক সংঘাতক লৈ অঞ্চলটো ৰণক্ষেত্ৰলৈ পৰিণত হয় । দুই পক্ষৰ সংঘাতত আহত হয় ২০ জন লোক ।
জানিব পৰা মতে বুড়িবাইল তৃতীয় খণ্ড গাঁৱৰ নাজিম উদ্দিন পক্ষ আৰু নূৰ আলী পক্ষৰ মাজত দীর্ঘদিন ধৰি এটুকুৰা ভূমিক লৈ বিবাদ চলি আহিছে।এই ভূমিক লৈ তেওঁলোক আদালতৰো দ্বাৰস্থ হৈছিল৷ ২০২৩ চনৰ ২৭ ছেপ্তেম্বৰত আদালতৰ নির্দেশত ১২ বিঘা ভূমিত উচ্ছেদ অভিযান চলায় প্রশাসনে। এই ১২ বিঘা ভূমিত থকা ১৫ টা পৰিয়ালৰ ঘৰবাৰী উচ্ছেদ কৰি প্ৰশাসনে আদালতৰ নিৰ্দেশত ভূমি চমজাই দিছিল নাজিম উদ্দিন পক্ষক ৷ আদালতৰ নিৰ্দেশত ভূমি পোৱাৰ পাছত এই ভূমিত শাকপাচলি খেতি আৰম্ভ কৰিছিল নাজিম উদ্দিন পক্ষই ।
কিন্তু দেওবাৰে পুনৰ এই ভূমিক কেন্দ্ৰ কৰি নাজিম উদ্দিন আৰু নূৰ আলী পক্ষৰ মাজত তুমুল সংঘাতৰ ভসৃষ্টি হয়। হাতত দা, লাঠি সহ বিভিন্ন চোকা অস্ত্ৰৰে এটা পক্ষই আনটো পক্ষক আক্রমণ কৰে ।দুইপক্ষৰ ভয়ংকৰ আক্ৰমণত ২০ জনৰ অধিক লোক আহত হয় । আহত সকলক স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । ইয়াৰে মাজত কেইবাজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ইপিনে এই ঘটনাক লৈ উভয় পক্ষই ৰুজু কৰিছে গোচৰ । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ পৰা দা, লাঠি সহ বিভিন্ন অস্ত্ৰ জব্দ কৰে ।