কোটি কোটি টকাৰ আয়কৰ ফাঁকি দি কেইবাশ কোটি টকাৰ মালিক হোৱা সত্বেও কেবল সংশ্লিষ্ট প্ৰশাসনৰ চকুত ধূলি মাৰিবলৈ একেবাৰে সাধাৰণ জীৱন-যাপন কৰিছিল কানপুৰৰ সুগন্ধি ব্যৱসায়ী পীয়ুষ জৈনে ৷ শেহতীয়াকৈ তেওঁৰ ঘৰত চলোৱা তালাচীত উদ্ধাৰ হোৱা ধন আয়কৰ বিভাগে দিনে নিশাই গণি শেষ কৰিব পৰা নাই৷ কিন্তু তেওঁ চলাই ফুৰিছিল এখন সাধাৰণ স্কুটাৰ ৷ তেওঁৰ বাসগৃহৰ সন্মুখত আছে মাত্ৰ দুখন সাধাৰণ বাহন ৷ ইয়াৰে এখন মাৰুতি আৰু আন খন কোৱালিছ ৷ ইয়াৰ বিপৰীতে বর্তমানলৈ ব্যৱসায়ী জনৰ ঘৰত উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমান হৈছে প্ৰায় ২০০ কোটি ৷ তদুপৰি জৈনৰ বাসগৃহত আয়কৰে জব্দ কৰিছে ২৩ কিল’গ্ৰাম সোণ ৷ নিজৰ ঘৰৰ ৱাৰড্ৰৱ, আলমাৰিত ঠাক ঠাককৈ জমা কৰি ৰাখিছিল এই বৃহৎ পৰিমানৰ ধন ৷ কাগজেৰে মেৰিয়াই টকাৰ বাণ্ডিলসমূহ লুকুৱাই ৰখা হৈছিল ৷ আয়কৰে বাসগৃহটোত অভিযান চলোৱাৰ সময়ত এনেদৰে নগদ ধন গোপনে লুকাই ৰখা দেখি আচৰিত হৈ পৰিছিল ৷ দেশৰ ভিতৰতে এয়া আয়কৰে অভিযানত জব্দ কৰা সবাতোকৈ অধিক নগদ ধন হিচাপে বিবেচিত হৈছে ৷ ইতিমধ্যে জৈনক সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ফাঁকি দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ ভুৱা চালান আৰু ই-ৱে বিল অবিহনে সামগ্ৰী প্ৰেৰণ কৰি লাভ কৰা ধন ঘৰত লুকুৱাই ৰাখিছিল ৷ পিতৃৰ পৰা পীযুষ জৈনে সুগন্ধি প্ৰস্তুত কৰাৰ কৌশল শিকিছিল ৷ পেচাত এজন ৰসায়নবিদ হৈছে জৈন ৷ তেওঁৰ পিতৃ কণৌজত বাস কৰে যদিও ভাতৃসহ জৈনে কানপুৰত বসবাস কৰি আহিছে ৷
বিগত ১৫ বছৰত দেশৰ কেইবা ঠাইলৈয়ো ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে জৈন । ব্যৱসায়ত উপার্জন বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ কনৌজৰ ঘৰটো ৭০০ বৰ্গ এলেকালৈ সম্প্ৰসাৰণ কৰে ৷ কিন্তু স্থানীয় লোকসকলে প্ৰকাশ কৰা অনুসৰি যেতিয়াই তেওঁ চহৰখনলৈ আহে, জৈনে তেওঁৰ পুৰণি স্কুটাৰেৰে ঘুৰি ফুৰে আৰু সহজ সৰল জীৱন যাপন কৰি আহিছে ৷নগদ ধনৰ লগতে কৰ্তৃপক্ষই জৈনৰ বাসগৃহ আৰু কাৰখানাৰ পৰা সোণ, ৰূপ, চন্দনকাঠৰ তেল, কোটি কোটি টকাৰ সুগন্ধি জব্দ কৰে। জৈনক সোধা-পোছাৰ বাবে আহমেদাবাদলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।