ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ বিভীষিকা আমি সকলোৱে দেখিছো ৷ দুয়োখন দেশৰ মাজৰ যুদ্ধই সৃষ্টি কৰা পৰিৱেশক লৈ আমি সকলো অৱগত ৷ ইয়াৰ মাজতে ক্ৰমাৎ যুদ্ধৰ উত্তেজনা বৃদ্ধি পাইছে চীন আৰু র্টাইৱানৰ মাজত ৷ আমেৰিকাৰ উচ্চপদস্থ নেতাই টাইৱান ভ্ৰমণ কৰাৰ পাছতে সৃষ্টি হোৱা এই উত্তেজনা এতিয়াও মাৰ যোৱা নাই ৷ বৰঞ্চ টাইৱানৰ চৌপাশে যুদ্ধ জাহাজ নিয়োগ কৰি চীনে এই উত্তেজনা অধিক বৃদ্ধি কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি টাইৱান জলদ্বীপ মধ্যম ৰেখা অতিক্ৰম কৰা ৮খন জেট বিমানসহ চীনৰ পৰা ২১খন যুদ্ধ বিমান আৰু ৫খন নৌসেনাৰ জাহাজ চিনাক্ত কৰা হৈছে ৷ টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত চীনৰ সেনাবাহিনীৰ ১৭খন বিমান আৰু পাঁচখন জাহাজ জলসীমা অতিক্ৰম কৰা বুলি নিশ্চিত কৰা হৈছে ৷
সেনাই জনোৱা মতে, পিপলছ লিবাৰেচন আৰ্মীৰ বায়ুসেনাৰ ১৭খন যুদ্ধ বিমানৰ ভিতৰত ৮খনে টাইৱান জলদ্বীপৰ ওপৰেৰে মধ্যম ৰেখা অতিক্ৰম কৰিছিল। বিমানসমূহৰ ভিতৰত আছিল চাৰিখন ছিয়ান জে এইচ-৭ যুঁজাৰু-বোমাৰু বিমান, দুখন ছুখয় ছু-৩০ যুঁজাৰু বিমান আৰু দুখন শ্বেনয়াং জে-১১ বিমান।জে এইচ-৭ আৰু ছু-৩০ জেট বিমানে দেশখনৰ উত্তৰ ফালে আৰু জে-১১ যুঁজাৰু বিমান দুখনে দক্ষিণ ফালে সীমা অতিক্ৰম কৰে ৷
মন্ত্ৰালয়ে কয় যে চীনৰ কাৰ্যকলাপ নিৰীক্ষণ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে কম্বেট এয়াৰ পেট্ৰ’ল (চিএপি), নৌসেনাৰ জাহাজ, আৰু বায়ু প্ৰতিৰক্ষা মিছাইল ব্যৱস্থাক দায়িত্ব দিয়া হৈছে।