সন্তানে পৰীক্ষাত ভাল নম্বৰ পালে অভিভাৱক সুখী হয়। কিন্তু গুজৰাটৰ এজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত। পৰীক্ষাৰ ফলাফল দেখি হতভম্ব হৈ পৰিছে অভিভাৱক ৷ কাৰণ, তেওঁলোকৰ সন্তানে লাভ কৰা নম্বৰ পৰীক্ষাৰ মুঠ নম্বৰতকৈ বেছি। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছাত্ৰজনৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ পিছত সকলোৱে বিদ্যালয়খনৰ শিক্ষাৰ মানক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে। এই ভুলৰ কাৰণ জানিবলৈ বিদ্যালয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।
গুজৰাটৰ ঝলাৰ তালুকৰ খাৰছানা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ বংশীবেন মনীষভাইয়ে গুজৰাটী ভাষা পৰীক্ষাত ২০০ নম্বৰৰ ভিতৰত ২১১ আৰু গণিতত ২০০ নম্বৰৰ ভিতৰত ২১২ নম্বৰ লাভ কৰে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি এই ভুল পৰিলক্ষিত হোৱাৰ লগে লগে সংশোধিত ফলাফল ছাত্ৰজনৰ হাতত গতাই দিয়া হয়। ইয়াৰ পৰা দেখা যায় যে তেওঁ গুজৰাটীত ১৯১ আৰু গণিতত ১৯০ লাভ কৰিছিল। গুজৰাটী, হিন্দী, গণিত, পৰিবেশ আৰু ইংৰাজী বিষয়ত অতি উত্তম নম্বৰ লাভ কৰে ছাত্ৰজনে।
ইয়াৰ পূৰ্বে ২০২৩ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ গণিত পৰীক্ষাৰ ফলাফলত একেধৰণৰ ভুল ধৰা পৰিছিল। বিশ্ববিদ্যালয়ৰ ছাত্ৰী আয়েছা আনছাৰীয়ে পৰীক্ষাত ১০০ৰ ভিতৰত ১১৫ নম্বৰ লাভ কৰে। আন আন ছাত্ৰ-ছাত্ৰী ক্ৰমে আম্মাৰা আনছাৰী ১০৫, আছফা খান ১০১, মাৰিয়া মমিন ১০৯, ৰিফা মমিন ১১১ আৰু এছিয়া চাইক ১০৬ নম্বৰ লাভ কৰে । বিশ্ববিদ্যালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, এই সন্দৰ্ভত, এটা চফটৱেৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হৈছে। সংশোধিত ফলাফল সকলো ছাত্ৰ-ছাত্ৰীক অৰ্পণ কৰা হয়। কিন্তু গুজৰাটৰ সেই বিদ্যালয়খনত এই ঘটনা কেনেদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো উত্তৰ প্ৰদান কৰা নাই ৷