পুনৰ ২২ টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৷ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা,বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শান্তি-শৃংখলা সন্দর্ভত অপপ্ৰচাৰ চলোৱাৰ বাবে এই ২২ টা ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে ৷ নিষিদ্ধ কৰা কৰা ২২ টা চেনেলৰ ভিতৰত চাৰিটা পাকিস্তানৰ ৷ আন চেনেলসমূহ ভাৰতৰ পৰাই পৰিচালিত হৈ আছিল ৷ তথ্য প্ৰযুক্তি নিয়মৰ অধিসূচনাৰ পিছত ভাৰতৰ পৰা পৰিচালিত ইউটিউব একাউণ্টৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
২২ টা ইউটিউব চেনেলৰ উপৰিও তিনিটা টুইটাৰ একাউণ্ট, এটা ফেচবুক একাউণ্ট আৰু এটা বাতৰি ৱেবছাইট নিষিদ্ধ কৰিছে চৰকাৰে ৷ এক বিবৃতিত কয় -“দেশৰ সেনা বাহিনী, জম্মু-কাশ্মীৰ আদি বিভিন্ন বিষয়ত ভুৱা বাতৰি পোষ্ট কৰিবলৈ একাধিক ইউটিউব চেনেল ব্যৱহাৰ কৰা হৈছিল। পাকিস্তানৰ পৰা সমন্বিত ভাৱে পৰিচালিত একাধিক ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা পোষ্ট কৰা কিছুমান ভাৰত বিৰোধী একাউণ্ট নিষিদ্ধ কৰা হৈছে ৷” যোৱা ডিচেম্বৰত মন্ত্ৰালয়ে ৭৮ টা ইউটিউব নিউজ চেনেল আৰু কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট বিভিন্ন কাৰণত বন্ধ কৰি দিছিল ৷ ৰাষ্ট্ৰীয় সুৰক্ষা, সাৰ্বভৌমত্ব আৰু ভাৰতৰ অখণ্ডতা আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হৈছিল ৷