গুজৰাটৰ পোৰবন্দৰৰ সমীপত এখন জাহাজৰ পৰা উদ্ধাৰ হৈছে প্ৰায় চাৰে তিনি হাজাৰ কিলোগ্ৰাম ড্ৰাগছ! ভাৰতীয় নৌসেনা আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি)ৰ যৌথ অভিযানত মঙলবাৰে জাহাজখন আটক কৰে। জাহাজখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। যাৰ আনুমানিক মূল্য ২২ হাজাৰ কোটি। ড্ৰাগছ সৰবৰাহৰ অভিযোগত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় নৌসেনাৰ সূত্ৰ অনুসৰি তেওঁলোক আটাইকেইজন পাকিস্তানৰ নাগৰিক।
সেনাৰ সূত্ৰ অনুসৰি মঙলবাৰে সেই জাহাজখনৰ পৰা ৩০৮৯ কেজিতকৈ অধিক গাঞ্জা , ১৫৮ কেজি মেথামফেটামাইন আৰু ২৫ কেজি মৰ্ফিন উদ্ধাৰ কৰা হয়।
গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী দলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰ সমীপৰ আৰব সাগৰত এই অভিযান চলোৱা হৈছে। ভাৰতীয় সেনাৰ এখন চোৰাংচোৱা বিমানে পোৰবন্দৰৰ সমীপত এই জাহাজখন প্ৰত্যক্ষ কৰে। জাহাজখনৰ গতিবিধিৰ সন্দেহৰ বাবে নৌসেনা আৰু এনচিবিয়ে যৌথ অভিযান আৰম্ভ কৰে।
ভাৰতীয় নৌসেনাই এক বিবৃতিত কয় যে এনচিবি আৰু ভাৰতীয় নৌসেনাৰ যৌথ অভিযানত সৰু জাহাজখনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। পূৰ্বে ইমান পৰিমাণৰ ড্ৰাগছ একেলগে উদ্ধাৰ কৰা হোৱা নাছিল। জব্দ কৰা নাও, ড্ৰাগছ আৰু লোককেইজনক ভাৰতীয় বন্দৰত আৰক্ষীক গতাই দিয়া হৈছে।